শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা, দিবাং নদীত ডুবিল ৪০জন যাত্ৰী কঢ়িয়াই নিয়া নাও

শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা, দিবাং নদীত ডুবিল ৪০জন যাত্ৰী কঢ়িয়াই নিয়া নাও

শদিয়াৰ অমৰপুৰৰ দিবাং নদীত ভয়ংকৰ নাও দুৰ্ঘটনা। কোনোমতে প্ৰাণ ৰক্ষা ৪০ জনকৈ অধিক যাত্ৰীৰ। বুধবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা৷ জানিব পৰা মতে, অমৰপুৰৰ পৰা শদিয়া সদৰলৈ যাত্ৰা কৰাৰ সময়ত দিবাং নদীৰ মাজভাগত সংঘটিত হয় এই নাও দুৰ্ঘটনাটো৷ দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত আছিল প্ৰায় ৪০ জনতকৈ অধিক লোক থকাৰ উপৰিও এখন মেজিক, টাটা ছুম’, বলেৰ পিকআপ বাহনৰ লগতে বহু কেইখন মটৰ চাইকেল৷ ইয়াৰে মেজিক, টাটা ছুম’খন পানীত ডুব যায়। নাৱৰ মালিকৰ গাফিলিতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

 

GTM Desk