শাওণ মাহত এই দান কৰিলে নিশ্চয় পাব সুফল
শাওন মাহটি শাস্ত্র অনুসাৰে, ভগৱান শিৱৰ অতিকে প্ৰিয় মাহ।যি ভক্তই এই মাহত, মহাদেৱৰ স্তুতি আৰু ভক্তি কৰে, তেওঁলোকৰ ওপৰত মহাদেৱৰ কৃপা অতি সোনকালে পৰে।( Religious Studies )
এই প্ৰৱিত্ৰ শাওন মাহত, দানৰো অধিক মহত্ব আছে। হিন্দু শাস্ত্ৰত দানক বহুতো উচ্চ স্থান দিয়া হৈছে। প্ৰসন্ন পূৰ্ণ ভাৱে কৰা দানৰ ফল পোৱা যায়। দুখী মন বা স্বাৰ্থ মনেৰে কৰা দানৰ ফল পোৱা নাযায়।
সেয়হে, শাওন মাহত কি কি দান কৰিব লাগে, জানো আহক।
১/বৰফি, বগা চন্দন, চাউল আৰু মিচিৰি, গৰু ঘিউ, বগা পুষ্প, গাখীৰ আদি সন্ধ্যা বা ৰাতি দান কৰিলে মনে বিচৰা কামনা পূৰ্ণ হয়, লগতে ঘৰলৈ সুখ সমৃদ্ধিৰ আগমণ ঘটে।
২/শাওণ মাহত গৰুক ঘাঁ খাবলৈ দিলে, মহাদেৱৰ আৰ্শীবাদ লাভ হয়।
৩/মহাদেৱৰ প্ৰিয় বেল, ফল, আঁহত, বৃক্ষ আদি ৰোপন কৰিলে, অশেষ পূৰ্ণ্য প্ৰাপ্ত হয়।
৪/জোৰা সাপ দান কৰিলে কালসৰ্প দুখ দূৰ হয়।।
৫/ৰুদ্ৰাক্ষ দান কৰিলে, ঐচয্য বৃদ্ধি ঘটে।। ( Religious Studies )
৬/জল, ঘোঁৰা, গৰু, বস্ত্ৰ দান কৰিলে পৰলোকত সুখ প্ৰাপ্তি হয়।
৭/ঔষধ দান কৰিলে,
উত্তম সাস্থ্য প্ৰাপ্তি হয়।
৮/সম্পূৰ্ণ শাওন মাহত
সন্ধ্যা দীপক দান কৰিলে, জীৱনলৈ
ভাল দিন আহে।।
৯/শাওণ মাহত যি ভোগ মহাদেৱলৈ আগবঢ়াই, সেই ভোগ আনক দান কৰিলে, জীৱনত চলি থকা যিকোনো সমস্যা আঁতৰ হয়।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।