শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে, মৰিয়নীৰ পৰাও কৰিব পাৰে প্ৰতিদ্বন্দিতা, ১৭ সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে, মৰিয়নীৰ পৰাও কৰিব পাৰে প্ৰতিদ্বন্দিতা, ১৭ সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী আৰু অসম জাতীয় পৰিষদে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা।  শনিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ আন এটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ঘোষণা কৰিলে ১৭টা সমষ্টিত প্ৰাৰ্থী তালিকা।

ৰাইজৰ দলৰ হৈ শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে। আনহাতে অখিল গগৈয়ে মৰিয়নী সমষ্টিৰ পৰাও প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। কাৰণ অখিল গগৈৰ মাতৃৰ ইচ্ছা ৰাইজৰ দলক ভোটদান কৰাৰ।

ৰাইজৰ দলৰ ১৭জনীয়া প্ৰাথীৰ তালিকা ঘোষণাঃ

শিৱসাগৰ- অখিল গগৈ

ৰহা-ৰুবুল দাস

বিহপুৰীয়া- অনুপ শইকীয়া

চাবুৱা- দীপন জ্যোতি ফুকন
মৰাণ- মহোহিনী মোহন লিগিৰা

মাহমৰা- লুহিত গগৈ

টিয়ক-প্ৰবীন্দ্ৰ চেতিয়া ফুকন

বোকাখাত- জীৱন বৰা

ৰুপহীহাট- নজৰুল ইছলাম

ধিং- মেহবুব মোকতাৰ

তেজপুৰ- অলক নাথ

ৰঙাপাৰা- বিজয় তিৰকী

ৰঙিয়া- হৰেশ্বৰ বৰ্ম‌ণ

কমলপুৰ- জিতুল ডেকা

কৰিমগঞ্জ উত্তৰ-সাহাবুল ইছলাম চৌোধৰী

দলগাওঁ – ওমৰ আলি

যমুনামুখ- দিলৱাৰা বেগম চৌধৰী

GTM Desk

Related