শ্ৰীৰামপুৰত অস্ত্ৰ সহ আটক দুই আত্মসমৰ্পণকাৰী সদস্য,অস্ত্ৰ,গুলি উদ্ধাৰ

1 min read

কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱাকালি সন্ধিয়া গ্ৰেপ্তাৰ দুটা পৃথক অস্ত্ৰধাৰী সংগঠনৰ আত্মসমৰ্পনকাৰী সদস্য৷যোৱাকালি সন্ধিয়া প্ৰায় সাত বজামানত আৰক্ষীয়ে শ্ৰীৰামপুৰ বজাৰত তালাচী চলোৱা সময়তে নাছলাৰ এডুইন মাৰণ্ডি আৰু মুছলিম টাইগাৰ প্ৰটেকশ্বন ফোৰ্চৰ সদস্য ছলিম উদ্দিন শেখক এটা ৭’৬৫ এম এম পিষ্টল,এটা মেগজিন আৰু সাত জাঁই গুলি উদ্ধাৰ কৰে৷প্ৰাপ্ত তথ্য মতে মহকুমাৰ ১ নং পলাশগুৰী গাঁৱৰ নিবাসী জয়নাল আবেদিনৰ পুত্ৰ ছলিম উদ্দিন আৰু ভাইৰীগুৰী গাঁৱৰ ছিমন মাৰাণ্ডীৰ পুত্ৰ এডউইন মাৰাণ্ডীয়ে একেলগে শ্ৰীৰামপুৰ বজাৰত আৰক্ষীৰয়ে অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয়৷মনকৰিবলগীয়া যে দুয়োজন যুৱকে ইতিপূৰ্বে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণকাৰি আছিল আৰু ইয়াৰে ছলিম উদ্দিন এনেধৰনৰ কার্য কলাপৰ কাৰণে কিছুদিন পূৰ্বে জেলতো যাবলগা হৈছিল আৰু পুনৰ অপৰাধ মুলক কাৰ্য্ সংঘটিত কৰিবলৈ এনেদৰে অস্ত্ৰসহ পুনৰ আটক হোৱা ঘটনাই চাঞ্চল্যৰটোৰ মানুহৰ চকু কপালত তুলিছে।

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন Guwahati Times

You May Also Like

More From Author