সংশোধনী হব অগপৰ সংবিধান |

1 min read

মংগলবাৰে অগপৰ কাৰ্যলয় অনুষ্ঠিত হোৱা কার্য নিৰ্বাহক বৈঠকৰ অন্তত দলৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই সংবাদ মাধ্যমৰ আগত কার্য নিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ সম্পৰ্কে জনাই ।

দলৰ তৃণ মূল সংগঠন শক্তিশালী কৰাৰ স্বার্থত কার্যনিৰ্বাহকত সংবিধান সংশোধনীৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত ৭ জনীয়া এখন সমিতি গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে কলিতাই ।

ডঃ কমলা কান্ত কলিতা , ৰমেন্দ্ৰ নাৰায়ণ কলিতা , বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , প্ৰদীপ হাজৰিকা, ফণী ভূষণ চৌধুৰী, সত্যব্ৰত কলিতাক লৈ সাতজনীয়া কমিটি খন গঠন কৰা হয় ।

তাৎপৰ্য্যপূৰ্ণভাৱে এই সমিতিৰ পৰা বাদ পৰি ৰ’ল অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নাম।
ইপিনে, ৰাজ্যসভা নিৰ্বাচনক লৈয়ো দলৰ মজিয়াত আলোচনা হৈছে বুলি জানিবলৈ দি কলিতাই কয় ‘দলৰ সভাপতিৰ নেতৃত্বত সমূহ সাধাৰণ সম্পাদক আৰু বিধায়কসকলক লগত লৈ এখন ১৮ জনীয়া কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটীয়ে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত ল’বলগীয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰিব।

Dipanjali sarma Report GTM

You May Also Like

More From Author