সাংবাদিক আব্দুল খালেকলৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা | উৎফুল্লিত দৰঙৰ সাংবাদিক মহল,বিভিন্ন সংগঠন

1 min read

মঙলদৈ, ১২ মে’ : আপকুৰ প্রাক্তন কেন্দ্রীয় সম্পাদক প্ৰধান, দৰং জিলা সমিতিৰ প্রাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্রীয় সমিতিৰ উপ -সভাপতি দৰঙৰ বিশিষ্ঠ সাংবাদিক আব্দুল খালেকলৈ শিৱসাগৰ জিলা আপকুৱে প্রদান কৰিব লগীয়া প্ৰসন্ন দত্ত সোঁৱৰণি ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে বাছনি হোৱাত উৎফুল্লিত হৈ পৰিছে মঙলদৈৰ লগতে সমগ্ৰ দৰং জিলাৰ সাংবাদিক মহলৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন । আমাৰ অসম কাকতৰ মঙলদৈৰ সংবাদদাতা আব্দুল খালেক মঙলদৈ প্রেছ ক্লাৱৰো বৰ্তমান সভাপতিৰ দায়িত্বত থকাৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্রখনতো আছে এক সুকীয়া পৰিচয়। ১৯৯৬ চনত ‘নতুন দৈনিক’ নামৰ কাকতখনত ক্ৰীড়া সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত কেবাখনো কাকতত সংবাদসেৱা কৰি এগৰাকী সমাজ সচেতক হিচাপে আত্মনিয়োগ কৰি অহা আব্দুল খালেকে ‘আমাৰ অসম’ কাকতত জন্মলগ্নৰ পৰা বৰ্তমানলৈ সেৱা আগবঢ়াই আছে। সাংবাদিকৰ লগতে আব্দুল খালেক এগৰাকী ৰাষ্ট্ৰীয় প্ৰৰ্যায়ৰ খেলুৱৈ, ৰেফাৰী আৰু এগৰাকী আগশাৰীৰ ক্ৰীড়া সংগঠকো। তেওঁ সুদীৰ্ঘ কুৰি বছৰতকৈও অধিক কাল ধৰি মঙলদৈ ক্ৰীড়া সন্থাৰ খো-খো বিভাগৰ সম্পাদক পদত অধিস্থিত হৈ আছে। আনহাতে তেওঁ অসম খো-খো সন্থাৰ সহকাৰী সম্পাদক, যুটীয়া সম্পাদক পদত থকাৰ লগতে বৰ্তমান ৰেফাৰী ব’ৰ্ডৰ অধ্যক্ষ পদত অধিস্থিত হৈ আছে। আব্দুল খালেক বৰ্তমান সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,দৰং জিলা সমিতিৰ উপ সভাপতিৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে |সাংবাদিকতাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে শিৱসাগৰ জিলা আপকুৰ তৰফৰ পৰা ৰাজ্যিক প্ৰৰ্যায়ৰ বঁটা আগবঢ়োৱাৰ বাবে দৰং জিলা আপকুৰ সভাপতি ৰত্নেশ্বৰ চহৰীয়া, সম্পাদক মকছেদ আলি, দৰং জিলা বাৰ্তাজিৱী সংঘৰ সভাপতি লক্ষধৰ শইকীয়া, সম্পাদক লক্ষীনন্দন কলিতা, মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ দৰং জিলাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস ,অসম সাহিত্য সভাৰ মুখপাত্র চহিৰ ভূঞা, দৰং জিলা আছুৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক ৰাজেন্দ্র নাথ হাজৰিকা,মঙলদৈ চহৰীয়া কাকত এজেন্সিৰ স্বত্বাধিকাৰ ওৱাহিদুৰ ৰহমান চহৰীয়া,দৰং জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন, সম্পাদক মইনুল হক শইকীয়া আৰু চফিকুল ইচলাম, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলি, বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, জিলা জনসংযোগ বিষয়া মণিমালা গগৈ, যুৱ নেতা মিজান নুৰ ৰহমান আদিয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে |

মকচেদ আলি Report- GTM

You May Also Like

More From Author