30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সাংবাদিক গৌতম হাজৰিকা সন্ধানত আৰক্ষীক সকলো ব্যৱস্থা গ্ৰহণৰ আহ্বান জাৰ্ণেলিষ্ট ফ’ৰাম আছামৰ

Assamese Newsসাংবাদিক গৌতম হাজৰিকা সন্ধানত আৰক্ষীক সকলো ব্যৱস্থা গ্ৰহণৰ আহ্বান জাৰ্ণেলিষ্ট ফ’ৰাম আছামৰ

যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ব্যক্তিগত নিউজ চেনেল ডিৱাই৩৬৫ৰ সাংবাদিক গৌতম হাজৰিকা। শনিবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পাছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই। বৰ্তমানলৈ তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

তেওঁৰ সন্ধান নোপোৱাৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্ণেলিষ্ট ফ’ৰাম আছাম চমুকৈ জেএফএ-য়ে আৰক্ষী বিভাগক সাংবাদিক গৰাকীৰ সন্ধানৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। জেএফএ-য়ে লগতে সাংবাদিক হাজৰিকাই কৰ্মৰত হৈ থকা ব্যক্তিগত নিউজ চেনেলটোৰ কৰ্তৃপক্ষকো এই বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, সাংবাদিক গৰাকীৰ পত্নী বনানী দাসে দিছ্পুৰ আৰক্ষী থানাত অৱগত কৰিছিল এই বিষয়ে। কোনো লোকে যদি সাংবাদিক গৰাকীৰ সম্ভেদ পাই তেনেহ’লে 70868-34103 নম্বৰত অৱগত কৰিবলৈ পত্নী বনানী দাসে অনুৰোধ জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!