20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

সুন্দৰীৰ ফটো দেখি ভুল নাযাব; অশ্লীল ভিডিঅ’ দি লুটিব হানি ট্ৰেপাৰে

Assamese Newsসুন্দৰীৰ ফটো দেখি ভুল নাযাব; অশ্লীল ভিডিঅ' দি লুটিব হানি ট্ৰেপাৰে

মহানগৰীৰ ফটাশিল আমবাৰী, ভৰলু, ফাঁচীবজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছিল হানি ট্রেপিং। বহু ব্যৱসায়ীয়ে লাখে লাখে টকা দিবলগীয়া হৈছে চক্রটোক। কিন্তু অৱশেষত ক্রাইম ব্রাঞ্চৰ জালত পৰিল হানি ট্রেপিং চক্রটো।

মন্দিৰৰ পুৰোহিতক হানি ট্ৰেপাৰে ফান্দত পেলাই হোৱাটছএপত অশ্লীল ভিডিঅ’ৰে ব্লেকমেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি তিনিজনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে।

মহানগৰীৰ ফটাশিল আমবাৰী স্থানীয় অঞ্চলত সংঘটিত হয় এই ঘটনাটো। আটকাধীন লোককেইজন হৈছে প্ৰমোদ তিৱাৰী, ৰজনী কোথাৰী আৰু ভভোজিৎ সেন।

ঘটনা অনুসৰি ৰজনীয়ে প্ৰথমে ভুক্তভোগী পুৰোহিত অৰ্থাৎ ভাগীৰথী শাস্ত্ৰীক হোৱাটছএপত বন্ধুত্ব কৰিবলৈ প্ৰৰোচিত কৰি ভিডিঅ’ কল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে সমগ্ৰ কাৰ্য্য ৰেকৰ্ড কৰি পুৰোহিতজনৰ পৰা ধন আদায় কৰিবলৈ ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে।

হানি ট্ৰেপাৰ চক্ৰটোৱে পুৰোহিতজনক ভাবুকি দিয়ে যে যদি তেওঁ ধন নিদিয়ে তেন্তে তেওঁৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হ’ব।

তাৰ পাছতে সমাজত নিজৰ ভাবমূর্তিৰ আশংকাত পূজাৰীজনে মহানগৰীৰ ফটাশিল থানাৰ কাষ চাপি এফ আই আৰ দাখিল কৰে৷

ইয়াৰ পিছতে বৃহস্পতিবাৰে ফেন্সি বজাৰ স্থানীয় অঞ্চলৰ পৰা প্ৰমোদ তিৱাৰী, ৰজনী কোথাৰীক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয়। তৃতীয় সহযোগী ভৱজিৎ সেনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, আদালতে তিনিওজনকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!