সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নাম সাঙোৰ খাইছিল কেইবাগৰাকী ব্যক্তিৰো৷ তেওঁৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱা কেইবাগৰাকী ব্যক্তিক গ্ৰেপ্তাৰো কৰিছিল মুম্বাই আৰক্ষীয়ে৷ শেহতীয়াভাৱে এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা ৩৬ নম্বৰ সন্দেহজনক ব্যক্তিক বেল দিলে মুম্বাই হাইকৰ্টে৷ ড্ৰাগ কেছত গ্ৰেপ্তাৰ হোৱা অনুজ কেশোৱানীক অৱশেষত দোষমুক্ত ঘোষণা কৰিলে বম্বেই হাইকৰ্টে৷

২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতেই ড্ৰাগ কেছত গ্ৰেপ্তাৰ কৰা হৈছিল অনুজ কেশোৱানীক৷ ২০২০ চনত এই কেছৰ তদন্ত কৰিছিল নাৰকোটিক্স কণ্ট্ৰল ব্যুৰই৷ ২০২০ চনৰ ১৪ জুনত মৃত অৱস্থাত সুশান্ত সিং ৰাজপুতৰ মৃতদেহ তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছিল৷ তেতিয়া সমগ্ৰ দেশজুৰি লকডাউন চলি আছিল৷ লকডাউনৰ মাজতেই হঠাৎ অহা এই খবৰে বহুতকেই আচৰিত কৰিও তুলিছ্ল৷ এই ঘটনাক বহুতেই হত্যাকাণ্ড বুলিয়েই দাবী কৰিছিল৷ আৰক্ষীৰ কাষ চাপিছিল সুশান্তৰ পৰিয়ালবৰ্গ৷ মাদক দ্ৰব্যৰ বেহা চলোৱাৰ অভিযোগত কেইবাগৰাকী লোক জেৰাৰ সন্মুখীন হৈছিল৷ সেই ঘটনাক কেন্দ্ৰ কৰিয়েই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩১ বছৰীয়া অনুজক৷ সুশান্তৰ মৃত্যুৰ পাছত অভিযোগ উঠিছিল যে সুশান্তৰ ঘনিষ্ঠ ব্যক্তিয়েই তেওঁক ড্ৰাগছৰ যোগান ধৰিছিল৷

বিষয়টোক লৈ নাম সাঙোৰ খাইছিল কেইবাগৰাকী নামী দামী অভিনেতাৰো৷ সুশান্তৰ মৃত্যু কেছত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থাকিবলগা হৈছিল তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীও৷ এই কেছত মুঠ ৩৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ইয়াৰেই কেইবাগৰাকীয়ে কাৰাবাসো খাটিছে৷ ইতিমধ্যে কাৰাবাসৰ শাস্তি লাভ কৰা আটাইবোৰেই জামিন লাভ কৰিছে৷ এই সকলোবোৰৰ মাজত শেহতীয়াভাৱে সুশান্তৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শেষৰজন ব্যক্তিয়েও জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷

GTM Desk