34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত এইকেইটা ভুল নকৰিব

Assamese Newsস্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত এইকেইটা ভুল নকৰিব

আজিকালি প্ৰায়েই স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ফোনটো ব্যৱহাৰৰ ক্ষেত্ৰত কৰা কেইটামান ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে, আজিকালি প্ৰায়ভাগ স্মাৰ্টফোনতে থাকে হাই এম এ এইছ বেটাৰী আৰু ফাষ্ট চাৰ্জৰ সুবিধা৷ এনে ক্ষেত্ৰত স্মাৰ্টফোনটো সুৰক্ষিত কৰি ৰাখিবলৈ অধিক সচেতন হোৱা উচিত৷ উল্লেখ কৰা হ’ল স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত নকৰিবলগীয়া কেইটামান ভুল–

১] কেতিয়াবা কেতিয়াবা স্মাৰ্টফোনটো হাতৰ পৰা পৰি ক্ষতিগ্ৰস্ত হয়৷ এনে অৱস্থাত লগে লগে ফোনটো ব্যৱহাৰ নকৰি ছাৰ্ভিছ চেণ্টাৰৰ কাষ চাপক৷ কিয়নো ডিছপ্লে’ বা ফোনৰ কোনো অংশ ক্ষতিগ্ৰস্ত হ’লে পানী সোমাই বেটাৰী নষ্ট হ’ব পাৰে৷ পৰৱৰ্তী সময়ত স্মাৰ্টফোনটোৰ ব্যৱহাৰত সমস্যাই দেখা দিয়ে৷

২] ফোনটো চাৰ্জ কৰোতে ডুপ্লিকেট চাৰ্জাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷ কিনাৰ সময়ত যিটো চাৰ্জাৰ লাভ কৰিছিল সেই ব্ৰেণ্ডৰ চাৰ্জাৰহে ব্যৱহাৰ কৰা উচিত৷

৩] স্মাৰ্টফোনটো স্বাভাৱিক অৱস্থাতকৈ যদি বেছি গৰম হোৱা যেন অনুভৱ কৰে তেন্তে ব্যৱহাৰৰ পৰা বিৰত থাকক৷ চাৰ্জাৰৰ পৰা খুলি ফোনটো আঁতৰাই ৰাখক৷

৪] পৰাপক্ষত গাড়ীত থকা চাৰ্জ এডপ্টাৰৰ পৰিৱৰ্তে পাৱাৰ বেংকেৰে ফোনটো চাৰ্জ কৰক৷

৫] মোবাইল ফোন কেতিয়াও অভাৰ চাৰ্জ বা অতিৰিক্তভাৱে চাৰ্জ নকৰিব৷ পৰাপক্ষত ফোনটোৰ চাৰ্জ ৯০ শতাংশৰ তলত ৰাখিব৷

৬] স্মাৰ্টফোনটো চাৰ্জ দিয়াৰ সময়ত ৰ’দৰ পৰা সদায় আঁতৰাই ৰাখিব৷ অৰ্থাৎ চাৰ্জ দিয়াৰ সময়ত যাতে ফোনটোত সূৰ্যৰ ৰশ্মি নপৰে, সেইক্ষেত্ৰত সতৰ্ক হওক৷

৭] চাৰ্জৰ সময়ত ফোনৰ ওপৰত হেঁচা পৰিবলৈ নিদিব৷

৮] এক্সটেনছন কৰ্ডৰ জৰিয়তে ফোন চাৰ্জ কৰাৰ পৰা বিৰত থাকিব৷

৯] ফোনটোৰ ব্যৱহাৰত কেতিয়াবা সমস্যাই দেখা দিলে মেৰামতি কেন্দ্ৰলৈ নগৈ পোনে পোনে ছাৰ্ভিছ চেণ্টাৰৰ কাষ চাপক৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!