25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল অসমীয়াৰ বাপতিসাহোন বিহুৰ।

Assamese Newsসৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ'ল অসমীয়াৰ বাপতিসাহোন বিহুৰ।

সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস।

গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল অসমীয়াৰ বাপতিসাহোন বিহুৰ।

১১,২৯৮ নাচনী-ঢুলীয়াৰে বিহু পৰিৱেশন

মানুহে বিৰ দি নোপোৱা এক পৰিৱেশ । সকলো আহিছে এক ইতিহাসৰ সাক্ষী হ’বলৈ । বিশ্বৰ মজিয়াত বিহুক প্ৰতিষ্ঠা কৰাৰ বাবে এই আয়োজন । সাজু ৰাইজ, সাজু নাচনী-ঢুলীয়া । সময় তেতিয়া ১৩ এপ্ৰিলৰ সন্ধিয়া ৫.৪৫ বাজিছে । গমগমাই উঠিল সৰুসজাই ষ্টেডিয়াম ।

অৱশেষত আহিল সেই ঐতিহাসিক মুহূৰ্ত। ১১ হাজাৰ নাচনী, ঢুলীয়াই কঁপাই তুলিলে গুৱাহাটীৰ আকাশ। প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰ অন্তত আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিহুৱে গঢ়িলে বিশ্ব ৰেকৰ্ড।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত আৰু তেওঁৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই প্ৰায় ১ মাহ পূৰ্বে চলিছিল বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা। প্ৰথমে গুৱাহাটীত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ আৰু তাৰ পাছত জিলাই জিলাই নাচনী, ঢুলীয়া বাচনি পৰ্ব।

প্ৰায় ১৫ দিনৰ পূৰ্বৰ পৰা জিলাই জিলাই ঢুলীয়া, নাচনীয়ে বিহুৰ ৰেকৰ্ড গঢ়িবলৈ মাষ্টাৰ ট্ৰেইনাৰৰ উপস্থিতিত চলাইছিল অনুশীলন। ১০ এপ্ৰিলত গুৱাহাটীলৈ আহি ১১ এপ্ৰিলৰ পৰা সৰুসজাইত চলাইছিল চূড়ান্ত অনুশীলন।

বিহু প্ৰদৰ্শনৰ পূৰ্বে গামোচাই লাভ কৰা জি আই টেগৰ আনুষ্ঠানিক প্ৰমাণ পত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে আভ্যন্তৰীণ বানিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ কৰ্তৃপক্ষই । এই অভিলেখৰ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে । প্ৰায় দুমাহ সময় কষ্ট স্বীকাৰ কৰি সাফল্য মণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় এইয়া এক বিৰল আৰু ঐতিহাসিক মুহুৰ্ত আমাৰ বাবে ।

তাৰ পাছতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই দিয়া নিৰ্দেশনা অনুসৰি সৰুসজাই ষ্টেডিয়ামত বাজি উঠে “ৰিনিকি ৰিনিকি” শীৰ্ষক গীতটি । বিশ্বৰ সৰ্বাধিক লোকে অংশগ্ৰহণ কৰা বিহুৰ লগতে সৰ্বাধিক লোকবাদ্য বাদনৰ বাবেও গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে এই অনুষ্ঠানটোৱে ।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!