41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

হঠাতে ব্ৰইলাৰৰ দাম বঢ়াৰ আঁৰৰ কাহিনী কি জানেনে?

Assamese Newsহঠাতে ব্ৰইলাৰৰ দাম বঢ়াৰ আঁৰৰ কাহিনী কি জানেনে?

হঠাতে গুৱাহাটী মহানগৰীত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰইলাৰ মূৰ্গীৰ দাম । দাম বৃদ্ধিৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ জনতা আৰু ব্যৱসায়ীৰ মাজত । গুৱাহাটীৰ লগতে ৰাজ্যৰ আন কেতবোৰ অঞ্চলতো অস্বাভাৱিকভাৱে ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিৰ পোৱাত মূৰে কপালে হাত দিছে ব্যৱসায়ীসকলে ।

উল্লেখযোগ্য ব্ৰইলাৰৰ মূল্যবৃদ্ধিৰ পাছতেই বাঢ়িছে হোটেল-ৰেষ্টোৰাত খাদ্যৰ দামো । গুৱাহাটীৰ ভিন্ন প্ৰান্তত আজিৰ তাৰিখত এক কেজি কটা ব্ৰইলাৰৰ দাম ৩৬০ টকাৰ পৰা ৩৮০ টকা পৰ্যন্ত । অন্যহাতে গুৱাহাটীৰ বাহিৰত এই ব্ৰইলাৰ কেজি ৪০০ লৈও বৃদ্ধি পাইছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমত প্ৰয়োজন হোৱা ব্ৰইলাৰ মাংসৰ অধিক চাহিদা পূৰণ কৰে পশ্চিম বংগৰ পৰা অনা ব্ৰইলাৰ মুৰ্গীয়ে ।
কিন্তু শ্ৰীৰামপুৰ গেটত এতিয়া ব্ৰইলাৰ কঢ়িয়াই অনা গাড়ী প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে অসমত প্ৰৱেশ কৰিব পৰা নাই ব্ৰইলাৰ মুৰ্গীৰ গাড়ী । যাৰ বাবে দাম বৃদ্ধি হৈছে ব্ৰইলাৰ মাংসৰ । আনহাতে শ্ৰীৰামপুৰত গঢ়ি উঠছে এক ভয়ংকৰ ছিণ্ডিকেট ।
গুৱাহাটী অভিমুখী প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা প্ৰায় ১৫-১৮ হেজাৰ টকা গুণ্ডাটেক্স সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই । যাৰ বাবে ব্ৰইলাৰ মূৰ্গীৰ মূল্যবৃদ্ধি হৈছে অসমত । ঠায়ে ঠায়ে জীয়া ব্ৰইলাৰৰ দামো প্ৰায় ২০০-২৮০ টকা পৰ্যন্ত হৈছেগৈ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!