পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে প্ৰথমতে সোণাই নদীৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে।
পৰৱৰ্তী সময়ত স্থানীয় হয়বৰগাঁও আৰক্ষীক ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো কাতিমাৰী গাঁৱৰ জুলফিকাৰ ইছলাম বুলি চিনাক্ত কৰিছে ৰাইজে।
ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ পেৰণ কৰা হৈছে।
উল্লেখ্য যে মৃতদেহ উদ্ধাৰ হোৱা স্থানত এজোপা গছত ৰছী ওলমি থকাৰ লগতে ডিঙীত ৰচি দেখিবলৈ পোৱা গৈছে।
এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য।