হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

কল চেণ্টাৰৰ জৰিয়তে বিদেশী নাগৰিকক প্ৰতাৰণা কৰা এটা চক্ৰৰ উৎখাত কৰে গ্ৱালিয়ৰ আৰক্ষীয়ে। মাধৱনগৰৰ এখন হোটেলৰ কোঠাত চলি আছিল এই কল চেণ্টাৰটো। আৰক্ষীৰ অভিযানত এগৰাকী মহিলাসহ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৱালিয়ৰত বহি ব্ৰিটেইন, আমেৰিকাকে ধৰি অন্য দেশত বাস কৰা নাগৰিকক প্ৰতাৰণা কৰাৰ কাম কৰি আছিল আটাইকেইজনে। ধৃত অভিযুক্তই মাইক্ৰ’ছফ্ট কোম্পানীৰ ভুৱা এজেণ্ট হৈ বিদেশী নাগৰিকক ফোন কৰি প্ৰতাৰণা কৰিছিল।

ঝান্সী ৰোডৰ মাধৱনগৰত অৱস্থিত এখন হোটেলৰ দ্বিতীয় মহলাৰ এটা কোঠাত একাংশ লোকে কল চেণ্টাৰ চলাই থকাৰ তথ্য লাভ কৰিছিল গ্ৱালিয়ৰ আৰক্ষীয়ে। মাইক্ৰ’ছফ্ট কোম্পানীৰ ভুৱা এজেণ্টৰ হৈ কম্পিউটাৰত ভাইৰাছ থকাৰ অজুহাতত প্ৰতাৰণা কৰি লাখ লাখ টকা আদায় কৰিছিল।

তথ্য লাভ কৰিয়েই আৰক্ষী আহি উপস্থিত হ’ল হোটেলত। হোটেলৰ গেটখন খুলি দ্বিতীয় মহলাৰ ২০৪ নম্বৰ কোঠাত লেপটপত কাম কৰি থকা আৰু নিশা হেডফোন লৈ ইংৰাজীত কথা পাতি থকা ল’ৰা-ছোৱালীক প্ৰত্যক্ষ কৰে। কোঠাটোত ছয়জন ল’ৰা আৰু এজনী ছোৱালী লেপটপটোৰ সন্মুখত বহি কাণত হেডফোন লৈ ইংৰাজীত কথা পাতি আছিল। ধৃত অভিযুক্তৰ ভিতৰত আছে অভয় ৰাজাৱত, নিতেশ কুমাৰ, দীপক থাপা, পাৰৱেজ আলম, শ্বেতা ভাৰতী, ৰাজ কৈলাস্কাৰ আৰু সুৰেশ ৱাচেল।

গ্ৱালিয়ৰৰ IG অৰবিন্দ ছাক্সেনাই কয়, ‘লেপটপটোৰ মনিটৰ স্ক্ৰীণত থকা এপ্লিকেচন স্ক্ৰীণৰ কল অপচনত দেখুওৱা ডায়েল, মিছ আৰু ৰিচিভ কল নম্বৰবোৰ ভাৰতীয় নম্বৰ নহয় বিদেশী আন্তঃৰাষ্ট্ৰীয় নম্বৰহে। ৬ অভিযুক্তই কল চেণ্টাৰত কাম কৰি থকা অৱস্থাত থিতাতে প্ৰাথমিক জেৰা কৰা হয়। জানিব পৰা মতে, প্ৰায় ৭ দিন পূৰ্বে গ্ৱালিয়ৰলৈ আহিছিল অভিযুক্ত কেইজন। আৰু তেতিয়াৰ পৰাই কাম কৰি আহিছে। গ্ৱালিয়ৰত কাম কৰিবলৈ ঠাই আৰু আচবাবৰ ছেটআপৰ ব্যৱস্থা কৰিছিল মৰেনাৰ সঞ্জয় ভাদৌৰিয়াই। কৰ্ণই লেপটপ, ম’বাইল ফোন আৰু ৱাইফাই (ৰাউটাৰ)কে ধৰি অন্যান্য ইলেক্ট্ৰনিক সঁজুলি যোগান ধৰিছিল।

ধৃত অভিযুক্তই কেইটাই বিদেশীৰ সৈতে কথা পাতি থকাৰ সময়তে তেওঁলোকৰ মূল নাম প্ৰকাশ নকৰি বিদেশত মিষ্টাৰ পল, (অভয় ৰাজাৱত), মাৰ্টিন (নিতেশ), জন (সুৰেশ), ৰিয়ান (দীপক), চাইবাৰ এক্সপাৰ্ট (ৰাজ), ডেভিল( সুৰেশ), নেন্সি(শ্বেতা) আদিয়ে ভুৱা নাম ব্যৱহাৰ কৰি কথা পাতিছিল। আৰক্ষীৰ দলটোৱে হোটেলখনৰ পৰা লেপটপ-৮, মাউছ, ম’বাইল ফোন-১৫, এটা ফাইবাৰ মডেম-এডাপ্টৰ, কলিং স্ক্ৰীপ্ট, ডাটা ছিট, হেডফোন, লেন কেবল, পাৱাৰ এক্সটেনচন, দুখন বৰ্ড, ৭খন চকী, ৫খন টেবুল, দুখন হাতৰ ঘড়ী জব্দ কৰে ৰুম।

GTM Desk