হোলী উপলক্ষে গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা, এই দিনটোত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান

হোলী উপলক্ষে গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা, এই দিনটোত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান

কামৰূপ মহানগৰ জিলাত ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণা। গুৱাহাটী (মেট্ৰ’) জিলাৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব উক্ত দিনটোত। দৌল উৎসৱৰ বাবে এই স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
ইফালে, হোলী উপলক্ষে বৰপেটাতো স্থানীয় বন্ধ ঘোষণা। দৌল মহোৎসৱৰ সুৱেৰী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে জিলা প্ৰশাসনে। অৰ্থাৎ ২৬ মাৰ্চত বৰপেটা জিলাতো স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বৰপেটা জিলা আয়ুক্তই এক নিৰ্দেশনাযোগে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে।

GTM Desk

Related