৩২ সংখ্যক ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতা – দ্বিতীয় দিনৰ অন্তত

৩২ সংখ্যক ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতা – দ্বিতীয় দিনৰ অন্তত

গুৱাহাটী, ৩ জুলাই – আজি ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত ৩২ সংখ্যক অসম ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতাৰ (Assam State Aquatic Championship) দ্বিতীয় দিনা ৬০ টা ইভেন্ট সফলভাৱে সম্পন্ন হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাবান খেলুৱৈসকলে ইভেন্ট সমূহত অংশ লৈ জল ক্ৰীড়াৰ প্ৰতিভা উজাৰে।

বিয়লি ৩ বজাত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে। তেখেতে জল ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উল্লেখ কৰি কয় যে, আন্তঃগাঁঠনি উন্নয়ন, উপযুক্ত প্ৰশিক্ষণ আৰু খেল মহাৰণৰ দৰে আঁচনিসমূহৰ জৰিয়তে প্ৰতিভাসম্পন্ন খেলুৱৈসকলক আগবাঢ়ি আনি অসমক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰাৰ পথ প্ৰসস্ত কৰা হৈছে। ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় জল ক্ৰীড়াত সুখ্যাতি অৰ্জন কৰি ৱৰ্ল্ড জুনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল স্থান লাভ কৰা জনঞ্জয় জ্যোতি হাজৰিকা, তীৰ্থাংক পেগুক মন্ত্ৰী গৰকীয়ে সম্বৰ্ধনা জনায়। লগতে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰা আস্থা চৌধুৰী, জাহ্নৱী কাশ্যপকো সম্বৰ্ধনা জনোৱা হয়।

দ্বিতীয় দিনাৰ খেলৰ অন্ত
সোন: ৩৭,
ৰূপ: ৩৪
ব্ৰঞ্জ: ২২ যোৰহাট পদক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে।

সোন: ২১

ৰূপ: ২০

ব্ৰঞ্জ: ২১ ৰে

কামৰূপ দ্বিতীয় স্থান

সোন: ৩

ৰূপ: ৪

ব্ৰঞ্জ: ১০ ৰে শিৱসাগৰ দল তৃতীয় স্থানত অগ্ৰগতি লাভ কৰিছে।

পদক বিজয়ীসকলক বঁটা প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ সঞ্চালকৰ যুটীয়া সঞ্চালিকা অন্তৰা গগৈ, ক্ৰীড়া বিষয়া বকুল কলিতা, অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকা, যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকন, প্রচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ, যোৰহাট চুইমিং চচাইটিৰ ৰাজীৱ শৰ্মা, মনিকা চৌধুৰী আদি বিশিষ্ট অতিথিসকলৰ উপস্থিতিত।

আগন্তুক ৪ জুলাই তাৰিখে অন্তিম দিনাৰ খেল অনুষ্ঠিত হ’ব, ডাইভিং আৰু ৱাটাৰ প’ল প্রতিযোগিতা মুখ্য আকৰ্ষণ হিচাপে থাকিব।

GTM Desk