34 C
Assam
Monday, May 29, 2023

Featured News

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

Assamese News৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

মানুহৰ প্ৰায়ে ৪০ বছৰ বয়স অতিক্ৰম কৰা পিছত হাড় দুৰ্বল হ’বলৈ ধৰে। বিশেষকৈ এয়া মহিলাৰ ক্ষেত্রত বেছিকৈ দেখা যায়। হাড় দুৰ্বল হোৱাৰ বাবে।দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কাম কৰাত সমস্যাৰ সন্মুখীন হ’ব লগা হয়, সেয়েহে সকলোৱে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। ৪০ বছৰ বয়সৰ পিছতো শক্তিশালী হৈ থাকিবলৈ কেলচিয়াম আৰু ভিটামিন ডিকে ধৰি বহুতো পুষ্টিকৰ খাদ্য সামগ্ৰী খাব লাগে।

হাড় শক্তিশালী কৰি ৰাখিবলৈ খাব লগা খাদ্যঃ

-গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী

-সেউজীয়া শাক-পাচলি

-ওটচ

-সম্পূৰ্ণ শস্যজাতীয় খাদ্য

-ফল

-গাজৰ

-মটৰ

-চালাড

-বাদাম

-কণী

-মিঠাই

– আলু

-কাঠফুলা

-মূলা

-পালেং

আহাৰৰ সময়ত কেঁচা চালাড খোৱাৰ অভ্যাস কৰিব লাগে। দিনত দুবাৰ কৈ গাখীৰ খাব লাগে, কিয়নো ই এক কেলচিয়াম সমৃদ্ধ চুপাৰফুড। যদি কোনোবাই গাখীৰ খায় ভাল নাপায়, তেন্তে নিয়মীয়াকৈ মাহজাতীয় শস্য খাব লাগে। কণী আৰু মাংস আদি খালেও হাড় শক্তিশালী হয়। দিনে প্ৰায় ৮ ৰ পৰা ১০ গিলাচ পানী খাব লাগে।

ইয়াৰ উপৰিও ৰসাল ফলৰ ৰসও খাব পাৰে। প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কঢ়া বা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!