22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

৬ মাহৰ মূৰে মূৰে বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে চলিব অভিযান

Assamese News৬ মাহৰ মূৰে মূৰে বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে চলিব অভিযান

৬ মাহৰ মূৰে মূৰে বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে চলিব অভিযান!

২০২৬ চনত অসমক সম্পূর্ণ বাল্য বিবাহমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য

বাল্য বিবাহ প্ৰতিৰোধৰ বাবে ২০০ কোটি টকাৰ আৱণ্টন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থাকিব বুলি প্ৰকাশ কৰিছে। এই অভিযানৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে ৪ হাজাৰ ৭৪টা গোচৰ ৰুজু হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ড০ শৰ্মাই কয় যে এনেধৰণৰ গোচৰত ১৪ বছৰ বয়সৰ পাছত বিয়া কৰোৱাসকলেহে জামিন লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছত বাল্য বিবাহৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ইতিমধ্যে বাল্য বিবাহ সন্দৰ্ভত ৮ হাজাৰৰো অধিক লোকৰ বিৰুদ্ধে অভিযোগ লাভ কৰিছে আৰু বিভিন্ন জিলাত অভিযান চলাই দুহেজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে চলোৱা অভিযানত ধুবুৰী জিলাত ৰুজু হোৱা সৰ্বাধিক ৩৭৪টা গোচৰৰ বিপৰীতে ১২৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে বাল্য বিবাহৰ লগত জড়িত লোকসকলক পক্স, বাল্য বিবাহ প্ৰতিৰোধী আইন আৰু ভাৰতীয় দণ্ড বিধিৰ অধীনত গোচৰসমূহ ৰুজু কৰা হ’ব বুলি প্ৰকাশ কৰিছে। শ্রী সিঙে অভিযুক্ত লোকসকলক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!