৭৭ বছৰ পিছত মকৰ সংক্ৰান্তিত বিৰল সংযোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জয়জয় ময়ময়

৭৭ বছৰ পিছত মকৰ সংক্ৰান্তিত বিৰল সংযোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জয়জয় ময়ময়

এইবাৰ মকৰ সংক্ৰান্তি অতি গুৰুত্বপূৰ্ণ। ৭৭ বছৰৰ পিছত এইবাৰ মকৰ সংক্ৰান্তিত মিলিব বিৰল ৰবি যোগৰ লগতে বাৰিয়ান যোগ। অহা সোমবাৰে পুনৰ উদযাপন কৰা হ’ব মকৰ সংক্ৰান্তি।

হিন্দু পঞ্জিকা অনুসৰি অহা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা দুপৰীয়া ২:৪০ বজাৰ পৰা বৰিয়ান যোগ আৰম্ভ হ’ব। ১৫ জানুৱাৰীৰ নিশা ১১:১০ বজাত ইয়াৰ অন্ত পৰিব। পুনৰ ১৪ তাৰিখে পুৱা ১০:২২ বজাৰ পৰা ১৫ তাৰিখ পুৱা ৭:০৫ বজালৈ ৰবি যোগ মিলিব।

এইবাৰৰ মকৰ সংক্ৰান্তিৰ দিনা সন্ধিয়া ৬:২৭ বজাৰ পৰা বণিজকৰণ আৰম্ভ হ’ব। এই সময়ত শুক্ৰ ধনু ৰাশিত থাকিব, আনহাতে শনি আৰু বৃহস্পতি মেষ ৰাশিত থাকিব। জ্যোতিষ শাস্ত্ৰৰ মতে চলিত বৰ্ষত মকৰ সংক্ৰান্তিত গ্ৰহৰ এনে গতিৰ প্ৰভাৱৰ বাবে ৩টা ৰাশিৰ ভাগ্য সলনি হ’বলৈ গৈ আছে। টকা, ধন-সম্পত্তি আৰু প্ৰতিপত্তি ভৰি পৰিব। জীৱনত একোৰ অভাৱ নাথাকিব! ভাগ্যৱান কোন কোন ৰাশি জানি লওক–

মেষ ৰাশিঃ এই ৰাশিৰ দশম স্থানত সূৰ্য্য অধিষ্ঠিত হ’ব। এই সময়ছোৱাত মেষ ৰাশিৰ জাতক-জাতকসকলৰ আৰ্থিকভাৱে বিপুল লাভ হ’ব। ভাগ্য ভাল হ’ব। সকলো সফল হ’ব। কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। কৰ্মচাৰীয়ে ডাঙৰ দায়িত্ব লাভ কৰিব। নতুন চাকৰিৰ সুযোগো পাব পাৰে। ব্যৱসায়ীসকলে বিপুল লাভ কৰিব। পাৰিবাৰিক অশান্তি নাইকিয়া হৈ পৰিব।

সিংহ ৰাশি – দুয়োহাতে বহুত টকা আহিব। চাকৰি আৰু ব্যৱসায় দুয়োটাতে আপুনি লাভৱান হ’ব। দীৰ্ঘদিন ধৰি চলি থকা গোচৰ নিষ্পত্তি হ’ব। বিচাৰ আপোনাৰ পক্ষত থাকিব। আপোনাৰ সন্তানৰ সফলতাক লৈ গৌৰৱ কৰিব পাৰিব। বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ আহিব পাৰে। এই সময়ত বিবাহৰ উপযুক্ত পাত্ৰ-পাত্ৰীসকলৰ বিবাহ হ’ব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা যিকোনো কাম সম্পূৰ্ণ হ’ব।

মীন ৰাশিঃ সৌভাগ্যৰ দুৱাৰ খুলিব আৰু হাতলৈ আহিব প্ৰচুৰ ধন। হঠাতে এক বিশাল সম্পত্তিৰ মালিক হ’ব পাৰে। কেৰিয়াৰৰ বাবে বহুত ভাল সময়। কৰ্মস্থলীত সন্মান বাঢ়িব। পদোন্নতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্ক মধুৰ হ’ব। নতুন প্ৰেম হ’বলৈ ওলাইছে।

GTM Desk

Related