32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ৰাইদঙীয়াৰ হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ

Assamese Newsৰাইদঙীয়াৰ হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,২৪এপ্ৰিল:–নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে । এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।
ইয়াৰ অংশ হিচাপে প্ৰথম কাৰ্যসূচী সোমবাৰে আৰম্ভ হয় । মহাৰজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী উপলক্ষে সোমবাৰে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি,শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ- ছাত্ৰী,প্রাক্তন শিক্ষাৰ্থী সকলোৰে উপস্থিতত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । অনুষ্ঠানৰ আৰম্ভণিতে মহাৰজত জয়ন্তীৰ বাবে এটি কাৰ্যালয় মুকলি কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়াই । ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰা,সাধাৰণ সম্পাদক মুক্তি দাস,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কৃষ্ণকান্ত মহন্ত,উমাকান্ত হাজৰিকা,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি নৱকমল ৰাজা, কমল কলিতা,কিৰণ হাজৰিকা, কৃষ্ণ নাথ,ৰহিমা খাতুন আহমেদ, তুলিকা গায়ন,ধিৰচিং পাটৰকে আদি কৰি শতাধিক লোক উপস্থিত থাকে । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিহু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!