28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে পাব বিহুৰ উপহাৰ

Assamese Newsৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে পাব বিহুৰ উপহাৰ

জনতা ভৱনত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে।

মন্ত্ৰীসভাৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ অধীনত চৰকাৰে এহেজাৰ মেগাৱটৰ প্ৰজেক্ট স্থাপন কৰিব। কাৰ্বি আংলঙত বহুৱাব এই পাৱাৰ প্ৰজেক্ট।

বসুন্ধৰা ১ আৰু ২ ৰ পিছতো বহু খিলঞ্জীয়া লোকে ভূমিৰ আবণ্টন পোৱা নাছিল, সেয়ে আজিৰ কেবিনেটে ৭৬০টা পৰিয়ালক ভূমি আবণ্টনত সন্মতি দিয়ে।

RIDF ৰ মুঠ ২০৩১ কোটি ১৪ লাখ টকা ব্যয়েৰে মথাউৰিৰ পৰা পকী পথ, বান নিয়ন্ত্ৰণ আৰু মীন পালনৰ বাবে আঁচনি ধাৰ্য কৰে।

ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে বিহুৰ উপহাৰ পাব। বিষয়াৰ পৰা কৰ্মচাৰী আৰু পেন্সনাৰসকলে ডিএ ৪ শতাংশ বৃদ্ধিৰে দৰমহা পাব। যি পূৰ্বৰ ৩৮ শতাংশৰ পৰা ৪২ শতাংশ হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!