25.4 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ৰাতিপুৱা খালী পেটত কেনেদৰে সেৱন কৰিব পানী? নিয়মসমূহ নামানিলে নাপাব সুফল

Assamese Newsৰাতিপুৱা খালী পেটত কেনেদৰে সেৱন কৰিব পানী? নিয়মসমূহ নামানিলে নাপাব সুফল

পুৱা খালী পেটত পানী সেৱন কৰিব লাগে বুলিটো আপুনি নিশ্চয় জানে।কিন্তু সঠিক নিয়মেৰে খালেহে এই উপকাৰীতাৰ সফল লাভ কৰিব পাৰিব আপুনি।পুৱা খালী পেটত কুহুমীয়া পানী সেৱন কৰিলে বহু উপকাৰীতা পোৱা যায়। সকলোৱে দিনটোত কমেও ৫ বাৰ মান কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে।

এই কৰ’ণা সংক্ৰমনৰ সময়ত আয়ুষ মন্ত্ৰণালয়ে গৰমপানী সেৱন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে।সকলো ধৰণৰ পানী শৰীৰৰ বাবে লাভদায়ক যদিও ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিলে আপোনাৰ বাবে সঠিক পৰিমাণৰ পানী খোৱাটো যথেষ্ট প্ৰয়োজনীয়।পানীৰ জৰিয়তে যথেষ্টখিনি সুফল পোৱা যায়।

কুহুমীয়া গৰম পানীয়ে শৰীৰৰ অনেক বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে।কিন্তু ৰাতিপুৱা খালী পেটত খোৱা কুহুমীয়া গৰম পানী আটাইতকৈ বেছি উপকাৰী।খালী পেটত খোৱা কুহুমীয়া পানীয়ে শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ বাহিৰ কৰি পঠায়।

ভোক নলগা সমস্যাটো নেমু পানীৰ সৈতে কুহুমীয়া গৰম পানীৰ লগত মিহলাই খালে উপশম পাব পাৰে।চৰ্বীজাতীয় সমস্যাটো গৰমপানীয়ে যথেষ্ট সহায় কৰিব পাৰে।ইয়াৰ নিয়মিত ব্যৱহাৰে ওজন হ্ৰাস কৰিব পাৰে।তাৰোপৰি কুহুমীয়া গৰম পানী সেৱন কৰিলে ছাল শোটোৰা নপৰাৰ লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!