ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “দীনদয়াল উপাধ্যায় পঞ্চায়ত চত্ৰত বিকাশ পুৰস্কাৰ” লাভ নগাঁও সদৰ সমষ্টিৰ ভকতগাঁও গাঁও পঞ্চায়তৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “দীনদয়াল উপাধ্যায় পঞ্চায়ত চত্ৰত বিকাশ পুৰস্কাৰ” লাভ নগাঁও সদৰ সমষ্টিৰ ভকতগাঁও গাঁও পঞ্চায়তৰ।

শাৰীৰিক ভাবে সক্ষম ব্যক্তি আৰু শিশু সকলৰ লগতে সামাজিক ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে এই বঁটা লাভ পঞ্চায়তৰ।

আজি নতুন দিল্লীত মহামহিম ৰাষ্ট্ৰপতিৰ হৈ গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰী গিৰাৰাজ সিঙে পঞ্চায়তটোয়ে লাভ কৰা সফলতাৰ বাবে প্ৰদান কৰে এই বঁটা।

এই বঁটা পঞ্চায়তৰ হৈ গ্ৰহণ কৰে ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি ছাহাব উদ্দিন আহমেদ।

উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসো উপস্থিত থাকে।

GTM Desk

Related