ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন

ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন

 বিপদ বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতে জাৰি কৰিছে চমন। ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শৰ্মাই মানহানিক মন্তব্যৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে অসমৰ মুখ্যমন্ত্ৰীক চমন জাৰি কৰিছে।

অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰা চমনত মুখ্যমন্ত্ৰী শৰ্মাক ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁ কৈছিল যে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত শৰ্মাই এক সভা সম্বোধন কৰি ৰাহুল গান্ধীৰ বংশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিজনক মন্তব্য কৰিছিল।

শৰ্মাই কৈছিল- ”জেনেৰেল বিপিন ৰাৱাটৰ নেতৃত্বত পাকিস্তানত ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। সেই বিপিন ৰাৱাট উত্তৰাখণ্ডৰ লগতে ভাৰতৰ গৌৰৱ। কিন্তু ৰাহুল গান্ধীয়ে প্ৰমাণ বিচাৰিছে। আপুনি প্ৰমাণ বিচাৰিছো নেকি আপুনি কাৰ সন্তান? সশস্ত্ৰ বাহিনীৰ ওপৰত প্ৰশ্ন কৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে”।

GTM Desk

Related