অ’এন জি চি, অসম সম্পদ, নাজিৰাত বসন্ত উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি
বিগত সময়ত দৰে এইবাৰো তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ উদ্যোগত নাজিৰাস্থিত অʼ এন জি চি আৱাসিক চৌহদৰ মুকলি মঞ্চত অহা ২৮, ২৯ আৰু ৩০ ব’হাগ ( ১২, ১৩ আৰু ১৪ মে’২০২৩)ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হেঁপাহৰ ৰঙালী বিহু “বসন্ত উৎসৱ -২০২৩” উদযাপন কৰিবলৈ লোৱা হৈছে। নিগম কতৃপক্ষৰ তৰফৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাক মূখ্য পৃষ্ঠপোষক, ৰাজেশ খাতিক সভাপতি, এম গনেশনক কাৰ্যকৰী সভাপতি, দিলীপ বাংঠাইক সাধাৰণ সম্পাদক, গৌৰী শংকৰ লাচিতক সহকাৰী সাধাৰণ সম্পাদক, বিমান বৰাক কোষাধ্যক্ষ, গৌতম বৰাক সাংস্কৃতিক সম্পাদক, বিভূতি কোচক প্ৰতিযোগিতা সম্পাদক, সুৰেশ ভূঞাক প্ৰচাৰ আৰু স্মৃতি গ্ৰন্থৰ সম্পাদক, ডিপু দাসক মঞ্চ-মণ্ডপৰ সম্পাদক, মুনমুন গগৈ কাৰ্যালয় সম্পাদক হিচাপে লৈ এখনি সবল উদযাপন সমিতি গঠন কৰি “বসন্ত উৎসৱ-২০২৩”ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে যোৱা ২০ এপ্ৰিল২০২৩ তাৰিখে প্ৰায় শতাধিক বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত নাজিৰা অফিচাৰ্চ ক্লাবত মূখ্য পৃষ্ঠপোষক ৰাকেশ কুমাৰ শৰ্মাৰ দ্বাৰা উদযাপন সমিতিৰ”অস্থায়ী কাৰ্যালয়”ৰ দ্বাৰ মুকলি কৰা হয়। অসমৰ বহু প্ৰতিভাৱান প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰি অহা এই বিহু অনুষ্ঠানত এই বৰ্ষত বিহু হুঁচৰি, বিহুৱতী আৰু জেং বিহুৰ পুৰস্কাৰৰ বাবদ সৰ্বমুঠ প্ৰায় ৮,৮০,০০০/- টকা ধাৰ্য কৰা হৈছে। তাৰোপৰি বহু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে “এনাজৰী” নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে।

তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ সকলো বিষয়া কৰ্মচাৰী সহযোগত অনুষ্ঠিত হ’বলগীয়া বসন্ত উৎসৱ-২০২৩ৰ তিনিটা দিনৰ সমূহ কাৰ্যসূচীতে বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি তথা বিহু প্ৰতিযোগিতা সমূহত অংশগ্ৰহণৰ বাবে প্ৰতিযোগী সকললৈ উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ আহ্বান জনাইছে।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট