অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ললে আছুৰ নেতৃত্বই

অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ললে আছুৰ নেতৃত্বই

টীয়ক, ২৩ ডিচেম্বৰ : ঈশ্ফাক আলি: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৰ্বত্তে প্ৰতিবাদ চলি থকাৰ সময়তে ক’লা আইন ‘নিয়া’ৰ গোচৰত গ্ৰেপ্তাৰ হবলগীয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ। আনহাতে অখিল গগৈৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

স্বাস্থ্যজনীত কাৰণত অসুস্থ মাতৃৰ নিজ গৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ললে যোৰহাট জিলা আছুৰ এটা দলে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সাংগঠনিক সম্পাদক ইছফাক আলি আহমেদ, ছাত্ৰ কৰ্মী পাপু কলিতা, কংকুল বৰুৱা, দীপাংকৰ দাসকে ধৰি কেইবাজনো ছাত্ৰ কৰ্মী উপস্থিত থাকে।

যোৰহাট আছুফ সাধাৰণ সম্পাদক জিতু নেওগে অখিল গগৈৰ লগতে অন্য সংগ্ৰামী নেতাসকলক বিনাচৰ্তে মুক্তিৰ দাবী কৰিছে আৰু মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি কামনা কৰিছে।

Desk Editor

Related