Advertisement

অখিল গগৈৰ মুক্তিৰ দাবীত বাঘবৰৰ মানিকপুৰত ৰাইজৰ প্ৰতিবাদ

অখিল গগৈৰ মুক্তিৰ দাবীত বাঘবৰৰ মানিকপুৰত ৰাইজৰ প্ৰতিবাদ

‘ কা’ বিৰোধী কাৰাৰুদ্ধ নেতা অখিল গগৈ, ড০ কাফিল খান আৰু দেৱেনজ্ঞনা কলিতাকে ধৰি সকলো নেতাক বিনাচৰ্তে মুক্তি আৰু অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবীত আজি বৰপেটাৰ জিলাৰ মানিকপুৰৰ সচেতন ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সত্ৰ কনৰা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অঞ্চলটোৰ শতাধিক ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে মানিকপুৰ বজাৰলৈ ওলাই আহি আহি মানৱ শৃঙ্খল গঢ়ি তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গগৈক বিনাচৰ্তে মুক্তি দিয়ক, অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান কৰক, ড০ কাফিল খানক মুক্তি দিয়ক, দেৱেজ্ঞনা কলিতাক মুক্তি দিয়ক, ভলদেব টেলিক মুক্তি দিয়ক,অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহব, ‘কা’ আমি নামানো, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে ইচ্ছকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই তিলে তিলে হত্যাৰ হত্যাৰ ষড়যন্ত্ৰ কৰি এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে! যাতে অখিল গগৈৰ কিবা এটা দুৰ্ঘটনা হলে তাৰ পৰা চৰকাৰে সাত সাৰিব পাৰে তাৰ বুদ্ধি কৰিছে। চৰকাৰে যদি কৃষক নেতা অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰা নাই তেন্তে অতি শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়ক আৰু সঁচা অৰ্থত তেওঁৰ উপযুক্ত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক”,।

কৃষক নেতা অখিল গগৈ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তিৰ জিলা সাংগঠনিক আলামিন হকে কয়”,- অখিল গগৈক বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে ভয় কৰে বাবেই ষড়যন্ত্ৰমূলকভাৱে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি দীর্ঘদিন কাৰাবন্দী কৰি ২০২১ চনৰ নিৰ্বাচনী বৈতৰনী পাৰ হব খুজিছে”,।

প্ৰতিবাদী কাৰ্যসূচীত সত্ৰ কনৰা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিবুল হক, সহকাৰী সম্পাদক হামিদুল ইছলাম , সাংগঠনিক সম্পাদক ছানিদুল ইছলাম,উপ সভাপতি আব্দুল ৰশিদ,জাবিদুল ইছলাম,প্ৰচাৰ সম্পাদক ইজাদুল ইছলাম লগতে মানিকপুৰ অঞ্চলৰ বানপীড়িত শতাধিক লোক উপিস্থিত থাকে।

Shahnawaz Hamza

Related