অতুল বৰা–কেশৱ মহন্তক ক’লা পতাকা প্রদর্শন আছুৰ

1 min read

২০২১ৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতাবৃদ্ধি পাইছে৷ আজি অসম গণ পৰিষদেও সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ৷ এই সমাৰোহত অংশগ্রহণ কৰে অগপ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ সাংস্কৃতিক সম্পাদিকা কল্পনা পাটোৱাৰীসহবহু নেতা–কর্মীয়ে৷ সভাত অগপৰ সভাপতি অতুল বৰাই কয় যে ৫০জন ল’ৰাই ক’লা পতাকা প্রদর্শন কৰিলে অগপৰ ক্ষতি নহয়,বৰঞ্চ তেওঁলোকৰেই ক্ষতি হ’ব৷ কাৰোবাৰপ্রৰোচনাত পৰি আন্দোলন কৰি সময় নষ্ট কৰাতকৈ পঢ়াত মনোনিৱেশ কৰিবলৈ আছু কর্মীসকলক আহ্বান জনায় সভাপতিগৰাকীয়ে৷ সভাপতি বৰাই উদাত্ত ভাষণত কয়– অগপ দলত সকলো ধর্মাৱলম্বী লোক আছে৷ অগপক ধনী–দুখীয়া সকলোৱে ভাল পায়৷ ধনী–দুখীয়া সকলো লোকৰ বাবে চিন্তা কৰা দল অগপ৷ ৰাইজে আশা কৰা ধৰণে বিগত সময়ত কাম কৰিব নোৱাৰাৰ বাবে আমাক প্রত্যাখ্যান কৰিছিল, কিন্তু এতিয়া অসমৰ ৰাইজে আমাক আদৰি লৈছে৷ সেয়ে নেতৃত্ব লোৱাৰ দিন ধৰি নোৰোৱাকৈ কাম কৰি গৈছোঁ৷ এতিয়া পুনৰ প্রাণপাই উঠিছে অগপ দল৷ বিগত সময়ছোৱাত অগপ দল কাৰোবাৰ ষডযন্ত্রত সোলোক–ঢ়োলোক হ’ব পাৰে, কিন্তু উভালি পেলাব নোৱাৰে অগপক৷ অগপ এতিয়া পূর্ণ যৌৱনপ্রাপ্ত দল৷ আৱেগিকভাৱে কোনো সিদ্ধান্ত নলওঁ৷

অগপ সভাপতি অতুলবৰাই কয়– মই সভাপতি নহয়, দলৰ এজন সেৱকহে৷ বর্তমান দলটোৱে ৩৬ বছৰত ভৰি দিছে৷ বিগত সময়ত আমাক বেয়া পোৱাৰ অন্যতম কাৰণ আছিল আমি বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলোঁ৷ কিন্তু অসম গণ পৰিষদৰ দিনত স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে ৰাজ্যখনত উন্নয়ন সম্ভৱ হৈছিল৷ ইমানবছৰে কংগ্রেছে সীমা সমস্যা জীয়াই ৰাখিছিল৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়িকা ৰ’জলীনা তির্কীকো তীব্র সমালোচনা কৰে অগপ সভাপতি অতুল বৰাই৷বর্তমানৰ কংগ্রেছৰ জনপ্রতিনিধিগৰাকী ৰাইজৰ কাষলৈ নাহে৷ সেয়া সৰুপথাৰবাসীৰ বিড়ম্বনা৷ বিজেপি–অগপৰ আদর্শ–লক্ষ্য বেলেগ হ’লেও অসমৰ সকলো ক্ষেত্রৰ কথা চিন্তা কৰি বিজেপিৰ লগত আমি আছোঁ আৰু যোৱা পাঁচ বছৰত অভূতপূর্ব উন্নয়ন হৈছে ৰাজ্যত৷ জনগোষ্ঠী–জনজাতিৰ কথা চিন্তা কৰা এইখন চৰকাৰ৷ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে এইখন চৰকাৰে কাম কৰিছে৷ সকলো আঁচনিৰ কথা উল্লেখ কৰে কৃষি খণ্ডত যথেষ্ট গুৰুত্ব দিছে চৰকাৰে৷ কংগ্রেছ চৰকাৰে অসম চুক্তি উঁয়ে খোৱা দলিল কৰি পেলালে বুলি কয় মন্ত্রী অতুল বৰাই৷ পেছাদাৰী আন্দোলনকাৰীসকলক আহ্বান, ছাত্র–ছাত্রীসকলৰ ভৱিষ্যৎ ধ্বংস নকৰিব৷ ‘কা’ৰ প্রতিবাদ অগপয়ো কৰিছিল৷ আমি চৰকাৰৰ পৰা ওলাই আহিছিলোঁ৷ কিন্তু লোকসভা নির্বাচনত ভোটৰ জৰিয়তে ৰাইজে ‘কা’ৰ প্রতি থকা সমর্থন স্পষ্ট কৰি দিলে৷ ‘কা’ নতুনকৈ অহা নাই৷ কংগ্রেছ চৰকাৰৰ দিনতো আহিছিল৷ আগতে ইমান হৈ–চৈ হোৱা নাছিল৷বর্তমান ‘কা’বাতিলৰ বাবে আদালতৰ কাষ চাপিব লাগিব৷ সকলোৱে জানে৷ গোলাঘাট জিলাৰ বৰপথাৰত আজি ধনশিৰি মহকুমা ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰাৰ লগতে সৰুপথাৰলৈ অহা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱৰ মহন্তক ক’লা পতাকা প্রদর্শন কৰে৷ ৭ সহস্রাধিক লোকৰ উপস্থিতিত কল্পনা পাটোৱাৰীয়ে সকলোকে গীত গাই আমোদ দিয়ে৷ অগপৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰাই ‘অ’ তৰা মাই কেলৈ আছ চাই…’ শীর্ষক বিহুগীত গাই ৰাইজক নচুৱাই আমোদ দিয়ে৷ আগন্তুক বিধানসভা নির্বাচনত সৰুপথাৰ সমষ্টিত অগপ–বিজেপি মিত্রজোঁটৰ বিজয় ধ্বজা উৰিববুলি বুলিও উল্লেখনীয় মন্তব্য আগবঢ়ায়৷

Source:Niyomiyabarta

You May Also Like

More From Author