অধিক আত্মবিশ্বাসেই হ’ল কাল ! বাংলাদেশৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ…

অধিক আত্মবিশ্বাসেই হ’ল কাল ! বাংলাদেশৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ…

গুৰুত্বহীন মেচত বংলাদেশৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ। এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলা নিয়মৰক্ষাৰ মেচত কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈক বেঞ্চত বহুৱাই খেল পথাৰত নামিছিল ৰোহিত বাহিনী।

পিছে ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ এই সিদ্ধান্ত হ’ল হিতে বিপৰীত। পাকিস্তান, শ্ৰীলংকাক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে বাংলাদেশক সহজভাৱে লোৱাৰ বাবেই আজিৰ এই মেচখনত পৰাজিত হ’বলগীয়া হ’ল বুলি চৰ্চা চলিছে।

মেচখনত প্ৰথমে বেটিং কৰি বাংলাদেশে ২৬৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ শাকিব অল হাছানে কৰে সৰ্বাধিক ৮০ ৰাণ। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে খেল পথাৰত নামি প্ৰথমৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়।

অধিনায়ক ৰোহিত শৰ্মা শূন্যত আউট হোৱাৰ সমান্তৰালকৈ প্ৰায়বোৰ বেটছমেনেই ব্যৰ্থ হয়। শুভমণ গিলে ১২১ ৰাণ কৰাৰ বিপৰীতে অক্সৰ পেটেলে ৪২ আৰু সূৰ্য কুমাৰ যাদৱে ২৬ ৰাণ সংগ্ৰহ কৰে।

 

Shahnawaz Hamza

Related