অভিযুক্ত ACS সুকন্যা বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক তদন্তকাৰী বিষয়াৰ দল

অভিযুক্ত ACS সুকন্যা বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক তদন্তকাৰী বিষয়াৰ দল

এপিএছচি কেলেংকাৰীৰ অভিযুক্ত সুকন্যা বৰাই ২০১৭ বৰ্ষত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল৷ পৰৱৰ্তী সময়ত শীৰ্ষস্থানীয় বিষয়াৰ আৰ্শীবাদত কম সময়ৰ ভিতৰতে পদোন্নতি লাৱ কৰিছিল ADC পদলৈ ৷ মাত্ৰ ছয়বছৰীয়া এই কাৰ্যকালতে সুকন্যা বৰা হৈ পৰিল বহু কোটি টকাৰ সম্পত্তিৰ মালিক৷ সুকন্যাৰ সম্পত্তি দেখি তবধ মানিছে স্বয়ং CM Vigilance ৰ তদন্তকাৰী দল৷

সুকন্যা বৰাৰ নাই কি? মহানগৰীৰ ছটাস্থানত আছে প্ৰাসাদোপম অট্টালিকা৷ মৰিগাঁৱত ৰাজহ চক্ৰ বিষয়া হিচাপে থাকোতেই ক্ৰয় কৰিলে ১৭ বিঘা ২ লেচা মাটি৷ বহু মাটি-সম্পত্তিৰ তথ্য বৰ্তমানলৈকে পোৱাই নাই তদন্তকাৰী বিষয়াই৷ মহানগৰীৰ গান্ধীবস্তি, জয়ানগৰ, হাতীগাঁও, কাহিলীপাৰা, আমিনগাঁৱত আছে বিলাসী অট্টালিকা৷ জয়ানগৰৰ বাসগৃহৰ সা-সৰঞ্জাম দেখি তদন্তকাৰী বিষয়া ভাবিবলৈ বাধ্য হৈছে সুকন্যা সচাকৈয়ে ADC আছিল? নে মাটিৰ দালাল আছিল? কিয়নো ঘৰটোত ব্যৱহৃত প্ৰত্যেকবিধ সামগ্ৰী ক্ৰয় কৰিছিল বিদেশৰ পৰা৷ য’ত এখন চিলিং ফেনৰ মূল্য ১৫ হাজাৰ টকা৷ আছে পঞ্চতাৰকা হোটেল সদৃস পেণ্ট হাউছ৷

টকাৰ খঁকত সুকন্যাই মাতৃক মানসিক ৰোগী সজাই হস্তগত কৰিছিল পৈতৃক সম্পত্তি৷ সুকন্যাই নলবাৰীৰ এখন মানসিক চিকিৎসালয়ত ৰাখিছিল মাতৃক৷ পিছত ঘৰৰ পৰা ভাতৃকো উলিয়াই দিছিল কলংকিত সুকন্যাই৷ টকাই অন্ধ কৰা সুকন্যাই বিভিন্ন প্ৰকাৰে নিজৰ নামত হস্তগত কৰিছিল মাটি-সম্পত্তি৷

ইমানেই নহয়, কাৰ্বি আংলঙত চাকৰি কৰা সময়ত দুৰ্নীতিত জড়িত আছিল নেকি সুকন্যা? সেই উত্তৰ বিচাৰি ভিজিলেন্সে পত্ৰ প্ৰেৰণ কৰিছে কাৰ্বি আংলঙলৈ সংশ্লিষ্ট পক্ষলৈ৷ অন্যহাতে, বৰ্তমানলৈকে তদন্তকাৰী বিষয়াক জমা দিয়া নাই সুকন্যাৰ পাছপ’ৰ্ট৷ গতিকে বিবুদ্ধিত পৰা তদন্তকাৰী বিষয়াই পাছপ’ৰ্টৰ সকলো তথ্য বিচাৰি পাছপ’ৰ্ট কাৰ্যালয়লৈও পত্ৰ লিখিছে৷ তদন্তত পোহৰলৈ আহিছে সুকন্যাই দেশৰ বিভিন্ন প্ৰান্তত অৱসৰ বিনোদনত ব্যয় কৰিছিল বৃহৎ ধন৷

সুকন্যাৰ বাসগৃহৰ পৰা ৮ লাখ টকীয়া কেইবাযোৰ Imported মেখেলা-চাদৰ জব্দ কৰিছে ভিজিলেন্সে৷ লগতে লাখ টকীয়া Imported বাছন-বৰ্তনো জব্দ কৰিছে৷ কিন্তু এইপৰ্যন্ত সুকন্যাই জেৰাত আৰক্ষীক দিয়া নাই কোনো বেংক লকাৰৰ তথ্য৷ যাৰ বাবে সুকন্যাৰ নগদ ধন কিমান আছে সেয়া পোহৰলৈ অহা নাই৷ কিন্তু তদন্তকাৰী বিষয়াই সুকন্যাৰ একাউণ্ট থকা তিনিটা বেংকলৈ পত্ৰ লিখিছে৷ SBI, HDFC আৰু PNBত আছে সুকন্যাৰ একাউণ্ট৷

কেৱল ধন-সম্পত্তিতে সন্তুষ্ট নাছিল কলংকিত সুকন্যা বৰা৷ ক্ষমতাৰ বাবে সকলো পৰ্যায় পাৰ কৰিব পাৰিছিল সুকন্যাই৷ সুকন্যাই বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল৷ এই ঘনিষ্ঠতাৰ সুযোগ লৈ বিভিন্ন স্থানত নিযুক্তি লৈছিল সুকন্যাই৷ আনকি কনিষ্ঠ হৈও গুৱাহাটীত GDDৰ দৰে গুৰুদায়িত্ব লাভ কৰিছিল শীৰ্ষ বিষয়াৰ আশীৰ্বাদতে৷

প্ৰথম অৱস্থাত সুকন্যা প্ৰায় ১০ কোটি টকাৰ সম্পত্তিৰ গৰাকী বুলি ধাৰণা কৰা হৈছিল যদিও সম্পত্তিৰ তালিকা দেখি সেই পৰিমাণ প্ৰায় ৩০ৰ পৰা ৪০ কোটি হ’ব বুলি সন্দেহ কৰিছে ভিজিলেন্সে৷ যি পৰিমাণ সুকন্যাৰ আয়তকৈ প্ৰায় ৪০০ গুণ বেছি৷ ইয়াৰ পৰাই গম পোৱা যায় যে সুকন্যাই সম্পত্তিৰ বাবে কিমান তললৈ নামি দুনীৰ্তিত নিমজ্জিত হৈছিল৷

Source: https://assam.news18.com/

GTM Desk

Related