অসমত আৰএচএচ প্ৰধান মোহন ভাগৱত,বিজেপিৰ নিৰ্বাচনী কুজকাৱাজত তুংগত

1 min read

অসমৰ আগন্তুক ২০২১ বৰ্ষত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰএচএচে উত্তৰ পূৰ্বৰ ৰাজ্য কেইখন ৰাজনীতি সম্পৰ্কে বিচাৰ অব্যাহত ৰাখিছে। ইয়াৰ বাবে মোহন ভাগৱতে ৭ দিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে অসমত উপস্থিত হৈছেি।

উল্লেখ্য যে, ভাগৱতে অসমৰ লগতে কাষৰীয় ৰাজ্য অৰুণচল প্ৰদেশো ভ্ৰমণ কৰিব।বিজেপিৰ এক বিশেষ সূত্ৰই জনোৱা খবৰ অনুসৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিমল শুক্লবৈদ্য আৰু ৰাজ্যিক বিজেপিৰ মুখ্য সচিব ৰঞ্জিত কুমাৰ দাসে মোহক ভাগৱতক এই যাত্ৰাত সাক্ষাৎ কৰিব।

৫ ডিচেম্বৰ পৰ্যন্ত ভাগৱতে বিজেপিৰ মুখ্যপাত্ৰ সকলৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ লগতো বৈঠকত মিলিত হ’ব। বিজেপিৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰে কিছু বৈঠক অনুষ্ঠিত হৈছে আৰু আন কিছু শীঘ্ৰে অনুষ্ঠিত হ’ব।

 

You May Also Like

More From Author