অসমীয়াতে ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

1 min read

ৰাজ্যজুৰি উদযাপন কৰা হৈছে মাঘবিহু। পুৱাই পৰম্পৰা অনুসৰি সকলো অসমীয়াই জ্বলালে ভেলাঘৰ-মেজি। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমীয়াত অসমবাসীক জনালে মাঘ বিহুৰ শুভেচ্ছা। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াত লিখিছে- ‘সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। অনাগত সময়বোৰ আনন্দেৰে ভৰি পৰক। ঈশ্বৰৰ আশীৰ্বাদত চৌদিশে ভাতৃত্ববোধ আৰু কল্যাণ বিৰাজ কৰক।’

আনহাতে, অসমীয়াতে মাঘ বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লিখিছে- ‘মাঘ বিহুৰ শুভক্ষণত অসমবাসীক মোৰ আন্তৰিক ওলগ জনালোঁ। মা কামাখ্যাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ, আনন্দ আৰু সমৃদ্ধিৰে উপচাই তোলক, তাৰেই কামনা কৰিলোঁ।’

ইফালে, টুইটাৰযোগে মাঘ বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ টুইটাৰত এটা ভিডিঅ’ সংলগ্ন কৰি মাঘ বিহুৰ শুভেচ্ছা জনাই লিখিছে- ‘ভোগ, আনন্দ আৰু সমৃদ্ধিৰে উপচি পৰক সকলোৰে জীৱন আৰু সুদৃঢ় হওক জাতি-জনগোষ্ঠীসমূহৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন, তাৰেই কামনাৰে মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ অসমবাসীক হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।’

You May Also Like

More From Author