অসমৰ এইকেইখন জিলাত ধুমুহা–বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা, চাওক আজিৰ দিনটোৰ বতৰৰ বতৰা

অসমৰ এইকেইখন জিলাত ধুমুহা–বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা, চাওক আজিৰ দিনটোৰ বতৰৰ বতৰা

বিগত কেইবাদিনো ধৰি অসমৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ (Weather Report Assam)। মূষলধাৰ বৰষুণৰ ফলত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত হৈ পৰিছে কেতবোৰ স্থানত। নেৰানেপেৰা বৰষুণৰ ফলত নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো জিলা বানৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল, হাজাৰ হাজাৰ লোক। গুৱাহাটী মহানগৰীতো বিগত কেইবাদিনো ধৰি অব্যাহত আছে বৰষুণ।

অসমৰ চাৰিখন জিলাত আজিৰ দিনটোত ধুমুহা–বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা আৰু বাক্সা জিলাত ধুমুহা–বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। আন কেইবাখনো জিলাত বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰা হৈছে।
আজিৰ দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হ’ব ২৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৩ ডিগ্ৰী চেলচিয়াছ হ’ব। বৰষুণৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান ২২ ডিগ্ৰী চেলচিয়াছ। নলবাৰীত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমান হ’ব ২৭ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলচিয়াছ। তেজপুৰত আজিৰ দিনটোৰ সৰ্বাচ্চ তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলচিয়াছ।

ইফালে, গোৱালপাৰাত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমান ২৭ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান ২৩ ডিগ্ৰী চেলচিয়াছ। তিনিচুকীয়াত আজিৰ দিনটোৰ তাপমান সৰ্বোচ্চ ২৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ। যোৰহাটত আজিৰ দিনটোৰ তাপমাত্ৰা সৰ্বোচ্চ ২৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ। শিলচৰত আজিৰ দিনটোৰ তাপমান সৰ্বোচ্চ ২৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলচিয়াছ।

GTM Desk