অসম আৰক্ষীত ব্যাপক সালসলনি।

অসম আৰক্ষীত ব্যাপক সালসলনি।

৪৯গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIGলৈ পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG(নিৰাপত্তা) পদলৈ বদলি। সত্যজিত হাজৰিকাক BTADৰ DIG পদলৈ পদোন্নতি। ,শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ DIG পদলৈ, লুইছ আইন্দক DIG(NER) পদলৈ, এম. আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ DIG পদলৈ, আবু ছোফিয়ানক ৰে’৸লৱেৰ DIG পদলৈ, আইনুল হকক আইন–শৃংখলাৰ DIG পদলৈ পদোন্নতি। DIG দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পদলৈ বদলি, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি পুষ্পৰাজ সিঙক গোলাঘাটলৈ বদলি, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক কৰিমগঞ্জলৈ আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক কাৰ্বি আংলঙলৈ বদলি। ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক বিশেষ শাখাৰ SP(G)লৈ বদলি, টিপি বিজয় কুমাৰক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে, বিনয় কলিতাক তৃতীয় APTFৰ কমাণ্ডেণ্ট ৰূপে, জয়ন্ত সিংহক DCP(অপৰাধ) ৰূপে বদলি। সুধাকৰ সিঙক চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি। শ্ৰী যুৱৰাজ হ’ব ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক। লংনিত টেৰাঙক ওদালগুৰিলৈ বদলি, ওদালগুৰিৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজবীৰক BIEOৰ SP ৰূপে বদলি, মুগ্ধজ্যোতি দেৱ মহন্তক কাছাৰৰ SP ৰূপে বদলি, দিগন্ত বৰাক DIG(প্ৰশাসন) পদলৈ বদলি, অখিলেশ কুমাৰ সিঙক DIG(CWR)লৈ বদলি, পি কে দত্তক DIG(SR) পদলৈ, ড০ ৰবীন কুমাৰ হ’ব বৰপেটাৰ নতুন আৰক্ষী অধীক্ষক। ভায়’৸লেট বৰুৱাক নৱম আৰক্ষী বাহিনীলৈ বদলি। ২৬তম AP(IR)Bnৰ অধিনায়ক হ’ব ভিভিআৰ ৰেড্ডী। অপৰ্ণা এনক বিশেষ শাখাৰ SP(S)লৈ, ডিব্ৰুগড়ৰ SP গৌতম বৰাক দশম আৰক্ষী বাহিনীলৈ বদলি। সুভাশিনী শংকৰন ডিব্ৰুগড়ৰ নতুন আৰক্ষী অধীক্ষক। ৱাই টি গেষ্টক দ্বাদশ আৰক্ষী বাহিনীলৈ বদলি, কাছাৰৰ SP ৰাকেশ ৰোশনক বিশ্বনাথলৈ, দিগন্ত কুমাৰ চৌধুৰীক চতুৰ্থ APTFলৈ বদলি। সুবোধ কুমাৰ সোণোৱাল বঙাইগাঁৱৰ নতুন SP, হৃদয়জিত বৰ্মনক BIEOলৈ বদলি, চৰাইদেউৰ SP জিৎমল দলেক যোৰহাটৰ SP(Z)লৈ বদলি। ডি পি ঘানাৱাট ধেমাজিৰ নতুন আৰক্ষী অধীক্ষক। নীলেশ টি স্বাৱাকাৰেক দুৰ্নীতি নিবাৰকলৈ বদলি, আনন্দ মিশ্ৰ হ’ব চৰাইদেউৰ নতুন আৰক্ষী অধীক্ষক। প্ৰশান্ত শইকীয়াক DCP(ট্ৰেফিক) ৰূপে বদলি। অমনজিৎ কৌৰ নলবাৰীৰ নতুন SP, সুশান্ত বিশ্ব শৰ্মা গোৱালপাৰাৰ নতুন SP, শিলাদিত্য চেতিয়া তিনিচুকীয়াৰ নতুন SP, কুমাৰ সঞ্জিত কৃষ্ণ শোণিতপুৰৰ নতুন SP আৰু ডিমা হাছাওৰ নতুন SP শ্ৰী শ্ৰীজিত টি। গোৱালপাৰাৰ SP অমিতাভ সিনহাক শিৱসাগৰৰ SP ৰূপে বদলি। কংকণজ্যোতি শইকীয়াক দক্ষিণ শালমাৰৰ আৰক্ষী অধীক্ষক আৰু অমৃত ভূঞাক দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.