অসম কেবিনেটৰ :মৰাণ আৰু মটক অধ্যুষিত অঞ্চল সামৰি ডিব্ৰুগড়, তিনিচুকীয়াত দুখন নতুন স্বায়ত্ব শাসিত অঞ্চল গঠন হ’ব |

অসম কেবিনেটৰ :মৰাণ আৰু মটক অধ্যুষিত অঞ্চল সামৰি ডিব্ৰুগড়, তিনিচুকীয়াত দুখন নতুন স্বায়ত্ব শাসিত অঞ্চল গঠন হ’ব |

সংবিধানৰ ৩৪৫ নং অনুচ্ছেদক সংশোধন কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ বাবে অনুৰোধ জনাব কেন্দ্ৰক।

বৰাক উপত্যকা ,পাৰ্বত্য জিলা দুখন আৰু বড়োলেণ্ডতো অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ৰখাৰ সিদ্ধান্ত।

বিধানসভাৰ পৰৱৰ্তী অধিবেশনত এখন বিধেয়কৰ জৰিয়তে ৰাজ্যৰ সকলো (বৰাক উপত্যকা ,পাৰ্বত্য জিলা দুখনত আৰু বড়োলেণ্ড বাদ দি) মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা হ’ব অসমীয়া ভাষা।

অসমৰ নতুন জিলা হ’ব বজালী | সদৰ স্থান হ’ব পাঠশালা | ভবানীপুৰ, সৰভোগ এই জিলাৰ ভিতৰলৈ আহিব |

সতী সাধনীৰ নামত গোলাঘাটত নিৰ্মাণ কৰিব ৰাজ্যিক বিশ্ব বিদ্যালয় | ৭ বহাগ সতী সাধনীৰ জন্মদিনত ৰাজ্যিক বন্ধ ঘোষণা |

অসমৰ ৬ খন ট্ৰাইবেল কাউন্সিলত সাংবিধানিক মৰ্যদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান।

অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী লোকৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা কৰিব।

মৰাণ আৰু মটক অধ্যুষিত অঞ্চল সামৰি ডিব্ৰুগড়, তিনিচুকীয়াত দুখন নতুন স্বায়ত্ব শাসিত অঞ্চল গঠন হ’ব।

মে’ মাহৰ ভিতৰত নিৰ্বাচন কৰি কাৰ্যক্ষম কৰাৰ সিন্ধান্ত গ্ৰহণ।

Desk Editor