অসম নৱ -নিৰ্মাণ মঞ্চৰ দৰং জিলা সমিতি গঠন
পশ্চিম দৰঙৰ দিপীলাস্থ জ্ঞানদীপ একাডেমি সভাগৃহত অসম নৱ নিৰ্মাণ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৰ্অগৰ উপস্থিতিত অনুস্হিত হোৱা সাংগঠনিক সভাৰ জৰিয়তে গঠন কৰা হ”ল অসম নৱ -নিৰ্মাণ মঞ্চৰ দৰং জিলা সমিতি খন । সভাত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ কলিতা, উপ সভাপতি ভাস্কৰ চহৰীয়া, সাধাৰণ সম্পাদক কৃষ্ণ শইকীয়া, সম্পাদক কুলেন কলিতা, বিত্ত সম্পাদক টিকেন্দ্ৰজিৎ ঠাকুৰীয়া উপস্থিত থাকে৷ সভাত বিনয় বৰুৱাক সভাপতি, শচীন চহৰীয়াক সাধাৰণ সম্পাদক, ব্ৰজেন ডেকা, মানৱ ডেকা, ভৱেশ মহন্তক সম্পাদক, ৰাজীৱ শইকীয়া, কমল চহৰীয়া, নৱজ্যোতি ডেকা, দেবেন কলিতাক সাংগঠনিক সম্পাদক, যতীন চহৰীয়া, দীপক বৰা, ধনমণি শইকীয়া, চবিন কলিতা, কিষাণ কাকতি, অৰুপ ৰাজবংশীক সদস্য হিচাপে লৈ এখন ১৭ জনীয় দৰংজিলা সমিতি গঠন কৰা হয় ।