অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত জুবেইৰ আনম মজুমদাৰ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত জুবেইৰ আনম মজুমদাৰ

বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ যুৱক জুবেইৰ আনম মজুমদাৰ।‌ জুবেইৰ আনম মজুমদাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত জয় জয়লাভ কৰিছে। জয়ৰ পিছতে জুবেইৰ আনম মজুমদাৰে নিউজ ১৮ৰ সন্মুখত নিজৰ প্ৰথম প্ৰতিক্ৰিয়া দাঙি ধৰে।

উল্লেখযোগ্য যে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Youth Congress President) পদৰ নিৰ্বাচনত জুবেইৰ আনম মজুমদাৰে লাভ কৰে ৬২,৭৮৩ টা ভোট, তাৰ বিপৰীতে পাৰিতোষ ৰয়ে লাভ কৰে ৫৪,১১৩ টা ভোট। জয়লাভৰ আনুষ্ঠানিক কোনো পত্ৰ লাভ কৰা নাই যদিও ফলাফলত উৎফুল্লিত যুৱ নেতাগৰাকী।
আনুষ্ঠানিক ঘোষণা হোৱা নাই বাবে জুবেইৰে মাত্ৰ ক’লে- ”ভাল লাগিছে, জয়লাভ কৰিছোঁ। ছেমিফাইনেলৰ ডেওনা পাৰ হৈছোঁ, ফাইনেল খেলিবলৈ এতিয়াও বাকী আছে, সকলোকে লগত লৈ যুৱ কংগ্ৰেছক আগবঢ়াই লৈ যাম।”

GTM Desk

Related