আউনীআটি সত্ৰত ৰাহুল গান্ধীৰ কোলা এটি কণমানি, নাচি দেখুৱালে ভাওনা

আউনীআটি সত্ৰত ৰাহুল গান্ধীৰ কোলা এটি কণমানি, নাচি দেখুৱালে ভাওনা

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ কৰি মাজুলীত উপস্থিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বহু ঘাত-প্ৰতিঘাত, অথন্তৰ পিছতো নদীদ্বীপত উপস্থিত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। পুৱাই মাজুলীৰ অফলামুখ ঘাট হৈ মাজুলীত উপস্থিত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’।

মাজুলীৰ আউনীআটি সত্ৰত সত্ৰাধিকাৰে মত-বিনিময় কংগ্ৰেছ নেতাগৰাকীৰ। মত-বিনিময়ৰ সময়তে ৰাহুল গান্ধী, কংগ্ৰেছ নেতা-কৰ্মীৰ লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে এটি কণমানিয়ে। দেৱাশীষে চুতীয়া নামৰ এটি কণমানিয়ে মন মুহিলে আউনীআটি সত্ৰত উপস্থিত প্ৰতিজনৰে।

কণমানি দেৱাশীষে ৰাহুল গান্ধী তথা সকলোৰে সন্মুখত নাচি দেখুৱালে প্ৰৱেশ নাচ। কণমানিটিৰ নাচত মোহিত হৈ পৰিল কংগ্ৰেছ যুৱৰাজ। শিশুটিৰ নাচ উপভোগৰ পিছত ৰাহুল গান্ধীয়ে কোলাত বহুৱাই পিন্ধাই দিলে গামোচা। আউনীআটি সত্ৰত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত উপস্থিত আছিল অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ।

GTM Desk

Related