আকৌ কমিলে সোণৰ দাম, জানি লওক আজিৰ দাম

আকৌ কমিলে সোণৰ দাম, জানি লওক আজিৰ দাম

শুকুৰবাৰে কমিল সোণৰ দাম। একেৰাহে পঞ্চম দিনৰ বাবে হ্ৰাস পালে সোণৰ দাম। আজি মাল্টি কমোডিটী এক্সচেঞ্জত সোণৰ দাম ০.১১ শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত হৈছেগৈ ৫০,০২৯ টকা। কিন্তু ৰূপৰ দামত ০.৩ শতাংশ বাঢ়ি ৬১,৬৯০ টকা প্ৰতি কেজিত হৈছেগৈ।

ইয়াৰ পূৰ্বে ০.৭ শতাংশ অৰ্থাত্‍ প্ৰতি দহ গ্ৰাম সোণত ৩৫০ টকা হ্ৰাস পাইছিল। অন্যহাতে, ৰূপৰ দামত ১০০০ টকা পৰ্যন্ত হ্ৰাস পাইছিল।

আন্তৰ্জাতিক বজাৰত সোণৰ দাম ০.২ শতাংশ হ্ৰাস পাই ১৮৬৩.২১ ডলাৰ প্ৰতি আউন্স হৈছে।

এদিন পূৰ্বে ২২ কেৰেট সোণৰ দাম আছিল ৫০,০৫০ টকা।

Shahnawaz Hamza

Related