Advertisement

আকৌ কাল ৰূপ লৈছে কোৰোণাই! আমেৰিকাত এদিনতে দুই লাখ আক্ৰান্ত, ভাৰতবৰ্ষতো ঠায়ে ঠয়ে বন্ধ কৰিলে স্কুল-কলেজ, জাৰি কৰিলে সান্ধ্য আইন

আকৌ কাল ৰূপ লৈছে কোৰোণাই!  আমেৰিকাত এদিনতে দুই লাখ আক্ৰান্ত, ভাৰতবৰ্ষতো ঠায়ে ঠয়ে বন্ধ কৰিলে স্কুল-কলেজ, জাৰি কৰিলে সান্ধ্য আইন

আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ! পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ দিশে আগবঢ়িবলৈ লোৱাৰ সময়তে আকৌ আৰম্ভ হৈছে কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এদিনতে নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে প্ৰায় দুই লাখ লোক। সেইদৰে বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যাও। ইয়াৰ সমান্তৰালকৈ ইউৰোপৰো বহু কেইখন দেশত এতিয়া জাৰি কৰা হৈছে ল’ক ডাউন।

অসমত এই মুহূৰ্তত যদিও কোৰোণাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে, তথাপিও দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। ভয়ংকৰ ভাবে সংক্ৰমণ হৈছে দিল্লীত। ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি বৰ্তমান সময়ত এক চিন্তাৰ কাৰণ হৈ পৰিছে।

শুকুৰবাৰে দিনটোত দিল্লীত নতুনকৈ ১১৮ জন লোক কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়। ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদত পুনৰ সান্ধ্য আইন জাৰি কৰা  হৈছে। ইফালে মহাৰাষ্ট্ৰতো ৩১ ডিচেম্বৰ পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Shahnawaz Hamza