আকৌ বিতৰ্কত জুবিন, মাজুলীত সংগীতানুষ্ঠানৰ মঞ্চতে মুকলিকৈ সত্ৰাধিকাৰক লৈ অশালীন শব্দ, বিতৰ্কিত মন্তব্য কৰি বিচাৰিলে ক্ষমা

আকৌ বিতৰ্কত জুবিন, মাজুলীত সংগীতানুষ্ঠানৰ মঞ্চতে মুকলিকৈ সত্ৰাধিকাৰক লৈ অশালীন শব্দ, বিতৰ্কিত মন্তব্য কৰি বিচাৰিলে ক্ষমা

সোমবাৰে নিশা মাজুলীত শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পুনৰ সৃষ্টি হয় অবাঞ্চিত পৰিস্থিতি। বিতৰ্কই যেন লগ নেৰে জুবিন গাৰ্গক। অনুষ্ঠানত ‘সংগীত সিন্ধু’ উপাধি গ্ৰহণৰ পাছতে মাজুলীৰ সত্ৰাধিকাৰক মুকলিকৈ অপদস্থ কৰিলে জুবিন গাৰ্গে। শিল্পী জুবিন গাৰ্গৰ উদ্ভত আচৰণক লৈ এতিয়া মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

উল্লেখযোগ্য যে, সোমবাৰে মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত পূৱেৰুণ কলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ‌ সামৰণি অনুষ্ঠানত উদযাপন সমিতিয়ে অসম গৌৰৱ বিশিষ্ট শিল্পী জুবিন গাৰ্গক ‘সংগীত সিন্ধু’ উপাধি প্ৰদান কৰে। উদ্যোক্তাসকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু আন্তৰিকতাৰে প্ৰদান কৰা এই উপাধি গ্ৰহণ কৰাৰ পাছতে জুবিন গাৰ্গে মাজুলীৰ সত্ৰাধিকাৰক ‘প্ৰভূ ঈশ্বৰ’ সম্বোধন কৰা কথাত আপত্তি দৰ্শোৱাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীৰ হাতৰ পৰা এই উপাধি গ্ৰহণ কৰাৰ পাছতে সত্ৰাধিকাৰসকলক শিষ্যসকলে কৰা সম্বোধন সম্পৰ্কত জুবিন গাৰ্গে কৰে বিতৰ্কিত মন্তব্য।

উল্লেখযোগ্য যে, পৰৱৰ্তী সময়ত জুবিনৰ আপত্তিজনক মন্তব্যৰ বিপৰীতে সংগীতানুষ্ঠান চলি থকা মঞ্চতেই উদ্যোক্তাই মাজুলীবাসীৰ চিৰনমস্য ধৰ্মাধিকাৰসকলক লৈ কৰা জুবিনৰ আপত্তিজনক মন্তব্য উঠাই লোৱাৰ আহ্বান জনোৱাত জুবিন গাৰ্গে ক্ষমা খোজে যদিও মাজুলীত জুবিন গাৰ্গৰ দৰে এগৰাকী খ্যাতনামা শিল্পীৰ সুমধুৰ কণ্ঠেৰে হাজাৰ হাজাৰ শ্ৰোতা দৰ্শকৰ মন মুগ্ধ কৰিলে যদিও জুবিনৰ উদ্ভত আচৰণক একেমুখেই ৰাইজে বিৰোধিতা কৰিছে। সত্ৰভূমি মাজুলীৰ লগতে সমগ্ৰ অসমতে যে সত্ৰাধিকাৰক লৈ কৰা জুবিনৰ মন্তব্যৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ’ব পাৰে সেই সম্ভাৱনা এশ শতাংশই ধুৰূপ

GTM Desk

Related