আগন্তুক দুদিনত অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বৰষুণৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
আনহাতে মঙলবাৰৰ দিনটোত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীত উল্লেখ কৰা হৈছে ৷ গুৱাহাটীস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সঞ্জয় নীল শ্ব’য়ে জানিবলৈ দিয়ে যে আগন্তুক দুদিনত গুৱাহাটীৰ লগতে কাষৰীয়া অঞ্চলসমূহত বতৰ ডাৱৰীয়া হৈ থাকিব ৷