ৰাজ্যত ২১ খন চাহ বাগিছা বিক্ৰী হ’ল এটা বছৰত

ৰাজ্যত ২১ খন চাহ বাগিছা বিক্ৰী হ’ল এটা বছৰত

এবছৰৰ ভিতৰত ৰাজ্যত বিক্ৰী হ’ল ২১ খনকৈ চাহ বাগিছা । এই তথ্য প্ৰকাশ কৰিলে শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে । মন্ত্ৰী গৰাকীয়ে সদৰি কৰা মতে, বিগত সময়ছোৱাত ওদ‍ালগুৰি জিলাৰ বাদলাপাৰা চাহ বাগিছা বিক্ৰী হোৱাৰ সমান্তৰলৈ শোণিতপুৰ জিলাৰ বেলিছিৰ চাহ বাগিছা, শিংৰী চাহ বাগিছা, বৰজুলি চাহ বাগিছা, ঘৈৰালী চাহ বাগিছা, ধলাপাদুং চাহ বাগিছা আৰু চেঁচা চাহ বাগিছা বিক্ৰী তথা হস্তান্তৰ কৰিছে ।

একেদৰেই বিক্ৰী হ’ল চৰাইদেউ জিলাৰো আন চাৰিখন চাহ বাগিছা । আনহাতে তিনিচুকীয়া জিলাৰ বাদলাভেটা, শুকানগুৰি, শিলিখা, হাপজান, পেংগাৰী, দেউহাল, দুৱামাৰা, হাটীমাৰা আৰু তাৰা চাহ বাগিছা বিক্ৰী কৰা হৈছে । ইয়াৰ ওপৰিও অসম চাহ নিগমৰ অধীনৰ ১২ খন বাগিছা লীজত দিয়াৰ প্ৰক্ৰিয়া চলি থকা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

Shahnawaz Hamza

Related