Advertisement

আজি বুদ্ধ পূৰ্ণিমা, সন্ধিয়া আপোনাৰ ঘৰতে কৰক এই কাম, সংসাৰৰ পৰা দূৰ হ’ব অভাৱ-অনাটন

আজি বুদ্ধ পূৰ্ণিমা, সন্ধিয়া আপোনাৰ ঘৰতে কৰক এই কাম, সংসাৰৰ পৰা দূৰ হ’ব অভাৱ-অনাটন

সনাতনী মতে পূৰ্ণিমা তথা বুদ্ধ পূৰ্ণিমা তিথি বিশেষ গুৰুত্বপূৰ্ণ। এই বছৰ ব’হাগত নহয়, পালিত হ’ব জেঠ মাহত।

উদয়া তিথি অনুসৰি, আজি পালিত হ’ব এই বছৰৰ বুদ্ধ পূৰ্ণিমা উৎসৱ। এই তিথিত পালন কৰিবলগীয়া কিছুমান নিয়ম আছে। কোৱা হয় যে এইবোৰ অনুসৰণ কৰিলে জীৱনত অৰ্থ আৰু সুখ-সমৃদ্ধিৰ অভাৱ নহয়। কৈছে বিশেষজ্ঞ অৰবিন্দ ত্ৰিপাঠীয়ে।

এই তিথিত পায়স বনাই আৰাধ্য দেৱতাক নিবেদন কৰিলে সেয়া শুভ বুলি কোৱা হয়।

বুদ্ধ পূৰ্ণিমা তিথিৰ সন্ধিয়া চন্দ্ৰ দেৱতাক নিবেদন কৰক অৰ্ঘ্য। পূণ্য সঞ্চয়ৰ বাবে ঘৰত আয়োজন কৰিব পাৰে সত্য নাৰায়ণৰ পূজা। এই তিথিত পানীভৰ্তি কলহ আৰু খাদ্য দান কৰা অত্যন্ত শুভ।

এই তিথিৰ সন্ধিয়া মা লক্ষ্মীক এটা ৰঙা পদুম নিবেদন কৰিলে তেওঁ সুপ্ৰসন্ন হয়। শুভ তিথিৰ সন্ধিয়া তুলসীমঞ্চত বন্তি জ্বলাবলৈ নাপাহৰিব।

এই শুভ তিথিত লক্ষ্মী নাৰায়ণ আৰু আহত গছৰ পূজা কৰিলে অত্যন্ত শুভ বুলি কোৱা হয়।

এটা নাৰিকব মা লক্ষ্মীক নিবেদন কৰাৰ পিছত আপোনাৰ আলমিৰাৰ টকা ৰখা স্থানত ৰাখক। কোনোদিনে অৰ্থৰ অভাৱ নহ’ব।

দেৱী লক্ষ্মীক নিবেদন কৰা কড়ি বা চুপাৰি বা শিলিখা পূজাৰ পিছত সন্ধিয়া ৰঙা বা হালধীয়া কাপোৰেৰে বান্ধি তুলসী তলৰ মাটিত পুতি ৰাখক। সংসাৰত উপচি পৰিব অৰ্থ, সুখ-সমৃদ্ধি।

Shahnawaz Hamza