Advertisement

আজি ভাৰত-পাকিস্তানৰ বহু চৰ্চিত ক্ৰিকেট মেচ

আজি ভাৰত-পাকিস্তানৰ বহু চৰ্চিত ক্ৰিকেট মেচ

আকৌ সেই উত্তেজনা,উন্মাদনা-ৰোমাঞ্চ। বিশ্বৰ অন্যতম দুই চিৰপ্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান আজি মুখামুখি হ’ব এছিয়া কাপৰ মেচত। সম্প্ৰতি দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ড দ্বিপাক্ষিক শৃংখলা আয়োজনৰ পৰা বিৰত থকা বাবে কেৱল আই চি চিয়ে আয়োজন কৰা প্ৰতিযোগিতাসমূহতে দৰ্শকে ভাৰত-পাকৰ হাইভ’ল্টেজ মেচ দেখাৰ সৌভাগ্য ঘটে।

সেই অনুসৰি আজি শ্ৰীলংকাৰ কেণ্ডিত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুুখামুখি হ’ব। ইতিমধ্যে এই মেচখনকলৈ তীব্ৰ উৎকণ্ঠাৰ মাজেৰে দৰ্শকে প্ৰহৰ গণনা আৰম্ভ কৰিছে।

বিয়লি ৩-০০ বজাত এছিয়া কাপৰ সমুখ সমৰত নামিব দুই শক্তিধৰ। মেচখনকলৈ সম্পূৰ্ণ সাজু ভাৰতীয় ক্ৰিকেট দল। জয়ৰ পৰিসংখ্যাৰ দিশৰ পৰা যদিও ভাৰত আগবাঢ়ি আছে কিন্তু বিগত প্ৰতিযোগিতাসমূহৰ প্ৰায়সংখ্যক মেচতে পাকিস্তানৰ বিধ্বংসী বলিঙ আক্ৰমণে ভাৰতৰ টপ অৰ্ডাৰক ধোকে-ধোকে পানী খুৱাইছিল। সেয়ে শ্বাহিন শ্বাহ আফ্ৰিডী,ৰৌফ আৰু শ্বাদাব খানৰ বিৰুদ্ধে ভাৰতে বিশেষ ৰণ কৌশল প্ৰস্তুত কৰিছে।

Shahnawaz Hamza

Related