আজি মহাসপ্তমী।

1 min read

আজি মহাসপ্তমী।

দেৱীৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ব্যাপক ভিৰ। দুৰ্গতিনাশিনী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতেই চৌদিশে উখল মাখল পৰিবেশে বিৰাজ কৰিছে। সপ্তমীৰ দিনাও পূজা মণ্ডপত শতাধিক পুৰুষ মহিলাই পুৱাৰে পৰা মা দুৰ্গাক পূজা আগবঢ়াই আশীৰ্বাদ লবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

আজি সপ্তমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে বিধৌত হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি কালৰাত্ৰি ৰূপত পূজিত হ’ব দেৱী দুৰ্গাক। অপশক্তি নাশৰ কামনা দেৱী দুৰ্গাক স্তুতি ভক্তৰ। ঢাকৰ শব্দ, মন্ত্ৰোচ্চাৰণ, ঘণ্টা, শংখধ্বনি, উৰুলীৰে গুঞ্জৰিত প্ৰতিটো পূজা মণ্ডপ। পূজাথলীসমূহত ভিৰ কৰিছে ভক্তই। উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে শাৰদীয় দুৰ্গোৎসৱৰ উছাহ। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো দুৰ্গোৎসৱৰ ব্যাপক উছাহ। চমৎকাৰী পূজা মণ্ডপ আৰু কাৰিকৰী কৌশলে আকৰ্ষিত কৰিছে ভক্তসকলক। ভক্তৰ সুৰক্ষাৰ বাবে মহানগৰীৰ প্ৰতিখন পূজাথলীত স্থাপন কৰা হৈছে CCTV কেমেৰা। অসম আৰক্ষীয়ে প্ৰতিজনৰ নিৰাপত্তাৰ বাবে গঢ়ি তুলিছে ব্যপক নিৰাপত্তা বেষ্টনীৰ। দুৰ্গা পূজাৰ সময়ত যাতে কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰতি পল সষ্টম হৈ আছে অসম আৰক্ষী।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author