আজি মে ডাম মে ফী

আজি মে ডাম মে ফী

উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰী বৃহস্পতিবাৰে সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।

দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মে-ডাম-মে-ফী। শদিয়াৰ মে-ডাম-মে-ফী অনুষ্ঠানত অংশ লব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে, মে-ডাম-মে-ফী হ’ল তাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ।

এই উৎসৱতআহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।

মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও[1]। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

GTM Desk

Related