আজি স্বৰ্ণ পদকৰ বাবে যুঁজত নামিব অসমকন্যা লাভলীনা জনাওক শুভেচ্ছা।

আজি স্বৰ্ণ পদকৰ বাবে যুঁজত নামিব অসমকন্যা লাভলীনা জনাওক শুভেচ্ছা।

স্বৰ্ণপদক জয়ৰ দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ দিশে অসম কন্যা লাভলীনা বৰগোহাঁইৰ। তিনিবাৰকৈ ছেমি ফাইনেলত উজুটি খোৱা লাভলীনাই এতিয়া বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

স্বৰ্ণ জয়ৰ এয়াই সোণালী সুযোগ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিগত মেচসমূহত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে তেওঁ প্ৰৱেশ কৰিছে ফাইনেলৰ দুৱাৰডলিত। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আজি সন্ধিয়া অনুষ্ঠিত হ’ব লাভলীনাৰ ফাইনেল মেচ । প্ৰতিদ্বন্দিৰূপে লাভলীনাৰ বিপৰিতে থাকিব অষ্ট্ৰেলিয়াৰ পাৰ্কাৰ কাইটলিন এনী।

উল্লেখ্য যে, বিগত তিনিওখন মেচতে লাভলীনাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইতিমধ্যে পাৰ্কাৰৰ বিৰুদ্ধে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে লাভলীনাই। গতিকে আজিৰ এই মেচখন বেচ ৰোমাঞ্চকৰ হ’ব। দেশবাসীৰো সপোন লাভলীনাই স্বৰ্ণজয় কৰিব।

GTM Desk

Related