আদালতত হাজিৰ কৰাবলৈ নিওঁতে অখিলে দিলে চিঠি

1 min read

আদালতত হাজিৰ কৰাবলৈ নিওতে ৰাইজলৈ বিধায়ক অখিল গগৈৰ চিঠি-

ঝুমলাবাজী আৰু ভেল্কীবাজী বন্ধ কৰক

অসমবাসীৰ বাবে কিবা এটা কৰক

অসমতো একনায়কত্ববাদৰ পদধ্বনি শুনা গৈছে

কোভিড আৰু লকডাউনে অসমবাসী ৰাইজখনক কোঙা কৰিলে। ৰাইজখনৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰে কিবা এটা কৰক। ঝুমলাবাজী আৰু ভেল্কীবাজী বন্ধ কৰক। ভুৱা ৰাজনৈতিক প্ৰতিশ্ৰুতি বন্ধ কৰক। অনতিপলমে ৰাইজখনক ক্ষতিপূৰণ দিয়ক। সকলো ক্ষতিগ্ৰস্তক নগদ ধন প্ৰদান কৰক। কেব চালক, গাড়ী চালক, অ’টো চালক, ই ৰিক্সা চালক, উকীল, শিল্পী, কলা-কুশলী, থিয়েটাৰকৰ্মী, পৰ্যটন উদ্যোগ, হোটেল, ব্যৱসায়ী, গাড়ীৰ মালিক, দৈনিক মঞ্জুৰ, কৃষক, স্ব-নিয়োজিত ব্যক্তি, সকলো ব্যৱসায়ী, উদ্যোগ খণ্ড, সেৱা খণ্ড আৰু সাংবাদিকসকলক পলম নকৰাকৈ ক্ষতিপূৰণ দিয়ক।

চৰকাৰ কোভিড নিয়ন্ত্ৰনত ব্যৰ্থ হৈছে। আটাইতকৈ ব্যৰ্থ হৈছে ভেকচিন প্ৰদানত। কেৰালাত ৩৪%, গুজৰাটত ৩০% কিন্তু অসমত কেৱল ১৪% লোকক ভেকচিন প্ৰদান কৰা হৈছে। ভেল্কিবাজীৰে আচল সত্য লুকুওৱা হৈছে। অনতিবিলম্বে কোভিড-১৯ ভেকচিন দুয়োপালি দি জাতিটোক নিৰাপদ কৰক।

অসমত কেৱল “ওৱান মেন শ্ব’” কৰা হৈছে। কোনো পৰিকল্পনা নাই, নাই কোভিড-১৯ৰ ‘proper behaviour’, নাই কভিড সম্পৰ্কীয় ৰাজ্যিক নীতি, নাই নীতি নিৰ্দ্ধাৰণ আৰু পথ প্ৰদৰ্শনৰ বাবে টাস্কফৰ্চ। এজন মানুহৰ চমকৰ ওপৰতে সকলোৰে ভাগ্য নিৰূপিত হৈছে। তেঁৱেই মৃত্যুৰ হিচাপ দিয়ে, তেঁৱেই পৰীক্ষা হ’ব নে নাই শেষ সিদ্ধান্ত লয়। বাকীবোৰ যেন পুতলাস্বৰূপ। তেওঁ যি কয় তাকেই দিনে-ৰাতিয়ে সংবাদমাধ্যমে বজায়। আন কোনো পদ্ধতিগত চিন্তা নাই, নাই কোনো দূৰদৃষ্টি। এয়ে হ’ল অসমৰ দুৰ্দশাৰ প্ৰধান কাৰণ। সেইবাবেই দ্বিতীয় ঢৌৰ অনুমান কৰিব নোৱাৰিলে। সঠিক প্ৰস্তুতি নহ’ল। এতিয়া তৃতীয় ঢৌৰ ক্ষেত্ৰত বা কি হয়?

অসমতো সমগ্ৰ ভাৰতৰ দৰে একনায়কত্ববাদ আৰু ফেচিবাদৰ পদধ্বনি শুনা গৈছে। কথা ক’লেই গোচৰ জাপি দিয়ে, প্ৰতিবাদ কৰিলেই জে’ল। গনতন্ত্ৰ এতিয়া অসমৰ পৰা অন্তৰ্হিত। বিৰোধীকো নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে। গনতন্ত্ৰ থকা হ’লে নিৰ্বাচনত জিকাৰ পাছত মোকো মুক্তি দিয়া হ’লহেতেন। নাই, কেৱল হেঁচা, কেৱল উৎপাত। সংবাদমাধ্যমকো লেকাম লগোৱা হৈছে। ৰাইজ সাৱধান হওক, ৰাইজে মাত মাতক, ৰাইজ জাগি উঠক, অন্যথা অচিৰেই অসম একনায়কত্ববাদে ঘেৰি ধৰিব। এই দুৰ্দশাৰ সময়ত মানুহে মানুহক সহায়ৰ বাবে ওলাই আহক।

You May Also Like

More From Author