আপুনিও চাধা খায় নেকি? এই আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক
ধপাত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ জীৱনটোক নিজেই বিপদত পেলায়। এই কথাত হয়তো দ্বিমত কাৰো নাথাকিব। নিয়মীয়াকৈ ধপাত সেৱন কৰা লোকসকলৰ ক্ষেত্ৰত ইৰেক্টাইল ডিচফাংশনৰ আশংকা বহুগুণে বৃদ্ধি হয়। যিয়ে তেওঁলোকৰ পুৰুষত্বত গুৰুতৰ প্ৰভাৱ পেলায়। ফলত জীৱনৰ মানদণ্ড অৱনতি হৈ পৰে। সেয়েহে, যদি আপুনি আপোনাৰ বিবাহিত জীৱনটোত সুখী হৈ থাকিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধপাতজাতীয় সামগ্ৰী, চাধা-চিগাৰেট গ্ৰহণ কৰা বন্ধ কৰক।ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি কিদৰে ধপাত, বিশেষকৈ চাধাৰ আসক্তিৰ পৰা নিজকে বচাই ৰাখিব পাৰে , আজি সেই বিষয়ে জানো আহক-
১. যদি আপুনি ধপাতৰ প্ৰতি আসক্ত, তেন্তে আপুনি পান মছলা, মিচিৰিৰ সৈতে মিহলি কৰি চোৱাই খাব। এনে কৰাৰ দ্বাৰা আপুনি অতি সোনকালেই লাভান্বিত হ’ব।
২. অলপ আজৱাইন নেমুৰ ৰস আৰু ক’লা নিমখত দুদিনৰ বাবে তিয়াই ৰাখিব। পাছত সেইখিনি ভালকৈ শুকুৱাই ল’ব। শুকুৱাৰ পাছত সেয়া আপুনি নিয়মীয়াকৈ খোৱা আৰম্ভ কৰিব।
৩. নেমুৰ ৰস আৰু নিমখৰ পানীত দুদিনৰ বাবে শিলিখা তিয়াই থৈ দিব।ইয়াৰ পাছত ভালদৰে শুকুৱাই চাধাৰ বিকল্প হিচাপে গ্ৰহণ কৰিব।
৪. যদি আপোনাৰ অত্যাধিক চাধা খাবলৈ মন যায়, তেন্তে আপুনি আজৱাইন বা ইলাচী লগে লগে খাব পৰাকৈ আপোনাৰ সৈতে ৰাখিব।
৫. যদি আপোনাৰ শীতকালত চাধা খাবলৈ মন যায়, জেতুকাৰ গোন্ধ ল’ব।
৬. মনত ৰাখিব যে তৎক্ষণাৎ চাধা খোৱাৰ অভ্যাস ত্যাগ নকৰিব, লাহে লাহেহে এই আসক্তি ত্যাগ কৰাৰ চেষ্টা কৰিব।
চাধা খোৱাৰ ফলত হৃদৰোগ হয়
শেহতীয়া এক অধ্যয়ন মতে, ভাৰতীয় জনসংখ্যাৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন ব্যক্তি চাধা খোৱাৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সেয়েহে, যিসকলে চাধা খোৱাসকল অৱগত হোৱা উচিত যে সোনকালেই তেওঁলোক হৃদৰোগত আক্ৰান্ত হ’ব। বহুসময়ত দেখা গৈছে যে ধপাতৰ প্ৰতি আসক্ত একাংশ বন্ধুৱে তেওঁলোকৰ সঙ্গীকো ইয়াৰ প্ৰতি আসক্ত কৰি তোলে।সেয়েহে, যদি আপোনাৰ কোনো বন্ধুৱে ধপাত খাবলৈ প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া স্পষ্টভাৱে অস্বীকাৰ কৰা কৰিব।
আপুনিও চাধা খায় নেকি? এই আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক
ডায়েবে